আৰক্ষী বিষয়া আবু চুফীয়ানৰ "বিশ্বায়নৰ সম্ৰাট"-উন্মোচন
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/8b0917e6-fc77-4a41-89be-b14ac9cb01dd.jpg?itok=AsU4Pyo1)
গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত নিষ্ঠাৱান আৰক্ষী বিষয়া আবু চুফীয়ানৰ এখন প্ৰবন্ধ সংকলন উন্মোচন কৰা হয়।
"বিশ্বায়নৰ সম্ৰাট" নামৰ প্ৰবন্ধ সংকলন খন অনুষ্ঠানিকভাবে উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সভাপতিত্ব কৰে শিক্ষাবিদ ড০ দীনেশ বৈশ্যয়ে৷ গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন প্ৰমুখ্যে ভালে সংখ্যক গণ্য মান্য ব্যক্তিয়ে।