![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/71383465-air-pollution-400x250.jpg?itok=1MxhVAB5)
গুৱাহাটীঃ ফাগুণ বুলি ক’লেই আমি এক ৰোমাণ্টিক নষ্টালজিয়াত ডুব যাও। কিন্তু এই ফাগুণেই বেমাৰ কঢ়িয়াইছে সম্প্ৰতি গুৱাহাটী মহানগৰীত। ফাগুণ মাহৰ নষ্টালজিয়াৰ পৰিৱৰ্তে এখন ভয়াবহ ছবিহে দাঙি ধৰিছে শেহতীয়াকৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰদূষণ বিষয়ক তথ্যই। ব’ৰ্ডে প্ৰকাশ কৰা তথ্য অনুযায়ী মহানগৰীৰ বায়ুমণ্ডলত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ধূলিকণা।
প্ৰাপ্ত তথ্যমতে গুৱাহাটীৰ বামুণীমৈদাম, গোপীনাথ নগৰ, শান্তিপুৰ, খানাপাৰা, গুৱাহাটী বিশ্ববিদ্যালয়, বৰাগাঁওস্থিত প্ৰদূষণ নিয়ন্ত্ৰণৰ পৰীক্ষাগাৰসমূহে বায়ুমণ্ডলৰ গুণাগুণৰ সূচাংক প্ৰতি মাহে প্ৰকাশ কৰি আহিছে৷ ২০১৭ বৰ্ষৰ জানুৱাৰী মাহত মহানগৰীৰ বায়ুমণ্ডলত বৃদ্ধি পাইছে ধূলিকণাৰ পৰিমাণ৷
উল্লেখযোগ্য যে বায়ুমণ্ডলৰ গুণাগুণৰ সূচাংক নিৰ্দ্ধাৰণ কৰোতে ০-৫০ মাইক্ৰ’ গ্ৰামলৈ ধূলিৰ পৰিমাণে মানুহৰ দেহত বিশেষ প্ৰভাৱ নেপেলায়৷ কিন্তু জানুৱাৰী মাহত মহানগৰীত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ১২০ মাইক্ৰ’গ্ৰাম পৰ্য্যন্ত চুইছে৷ প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পূৰ্বানুমান অনুসৰি অহা এপ্ৰিল-মে মাহত মহানগৰীত আৰু অধিক বৃদ্ধি পাব ধূলিকণাৰ পৰিমাণ৷ পাহাৰত কটা শিল, ৰাস্তাৰ ভঙা অংশৰপৰা ওলোৱা ধূলি, শুকাই যোৱা নদীৰ পৰা উৰি অহা বালি, অতি মাত্ৰা যান-বাহনৰ চলাচল, বৃহৎ বৃহৎ বিল্ডিং আৰু বাট পথৰ নিৰ্মাণ কাৰ্য আদিৰ কাৰণে প্ৰদূষণ বৃদ্ধি পোৱা বুলি ব’ৰ্ডে জানিবলৈ দিছে।
এনে বায়ু সেৱনৰ ফলত দেহত এলাৰ্জি, ব্ৰংকাইটিছ, বসন্ত আদি বিভিন্ন চৰ্মজনিত ৰোগ হ’ব পাৰে। বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ ক্ষেত্ৰত হাঁওফাও, হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বায়ুমণ্ডলত ধূলিকণাৰ পৰিমাণ ৫১ ৰপৰা ১০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত হলে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভূগি থকাসকলৰ বাবে উশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়৷ ১০১ ৰপৰা ২০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত ধূলিকণাৰ ফলত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ শ্বাস- প্ৰশ্বাসত অসুবিধা হোৱাৰ লগতে হৃদৰোগ, হাওফাও ৰোগত ভোগাৰ সম্ভাৱনা থাকে। এই পৰিমাণ ২০১ ৰপৰা ৩০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত থাকিলে উশাহ লোৱাত কষ্টকৰ হয়৷ এই পৰিমাণ ৩০১-৪০০ মাইক্ৰ’গ্ৰামৰ ভিতৰত থাকিলে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভূগি থকাসকলে দীৰ্ঘকাললৈ বেমাৰত ভুগিব পাৰে৷ ৪০১ মাইক্ৰ’গ্ৰামৰ উৰ্দ্ধত ধূলিৰ পৰিমাণ বায়ুমণ্ডলত থাকিলে হ’লে সুস্থ-সবল ব্যক্তিও শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
দিল্লীৰ প্ৰদূষণৰ মাত্ৰা নীৰিক্ষণ কৰি ২০১৬ বৰ্ষত দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীক ‘গেছ চেম্বাৰ’ আখ্যা দিছিল। তেতিয়াই সেই বিষয়টো দিল্লী চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল আৰু চৰকাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি অ'ড-ইভেন নামৰ এক অভিনৱ অভিযানৰ পাতনি মেলিছিল৷ ঠেকি শিকাতকৈ দেখি শিকাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে মহানগৰীৰ সচেতন মহলে।