14
Mar
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-03-14%20at%205.57.07%20PM.jpeg?itok=KB_pmBBy)
পাঠানকোটঃ হাই এলাৰ্ট ঘোষণা পাঠানকোট বিমান ঘাটিত৷ সন্ত্ৰাসবাদীৰ পৰা পোৱা ভাবুকিৰ পিছতে এই ঘোষণা বিমান ঘাটিত৷ সমগ্ৰ অঞ্চলটোত নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ কৰা হৈছে৷ এই বছৰৰ জানুৱাৰীত সশস্ত্ৰ বাহিনীৰ দ্বাৰা পাঠনকোটৰ বিমান ঘাটিত আক্ৰমণ কৰা হৈছিল৷ উক্ত আক্ৰমণত ৬জন ভাৰতীয় সুৰক্ষা কৰ্মী নিহত হৈছিল৷ ভাৰতে এই আক্ৰমণৰ বাবে পাকিস্তানক জগৰীয়া কৰিছিল৷
উল্লেখ্য যে ইয়াৰ কিছুদিন পুৰ্বে পুঞ্চ জিলাত পাক সেনাই মৰ্টাৰেৰে ভাৰতীয় সেনাক আক্ৰমণ কৰি যুদ্ধ বিৰতি ভংগ কৰিছিল। ইয়াৰ সঠিক উত্তৰ দিয়া হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে মন্তব্য কৰিছিল। এনে নিৰন্তৰ ঘটনাবোৰৰ পৰিপ্ৰেক্ষিততে সতৰ্ক হৈ পৰিছে ভাৰতীয় সেনা।