06
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Indian-origin-couple-620x400.jpg?itok=9ku30aVh)
ডিজিটেল ডেস্কঃ আমেৰিকাত ভাৰতীয় মূলৰ এহাল দম্পতীক গুলিয়াই হত্যা কৰা হয়৷ নৰেণ প্ৰভু নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীক গুলিয়াই হত্যা কৰে মিৰ্জা তালতিক নামৰ এজন লোকে৷ ঘটনা সংঘটিত হোৱাৰ সময়ত নৰেণ প্ৰভু তেওঁৰ পত্নীৰ সৈতে নিজ ঘৰত আছিল৷
তেওঁলোকৰ তিনিজন সন্তান আছিল৷ আৰক্ষীৰ মতে হত্যাকাৰীজন নৰেণ প্ৰভুৰ কন্যাৰ পূৰ্বৰ প্ৰেমিক বুলি সন্দেহ কৰা হৈছে৷ পূৰ্বতে দুয়ো একেলগে আছিল যদিও পিছত ঘৰুৱা কিছু কাৰণবশতঃ ২০১৬ চনত পৃথক হৈ থাকিবলৈ লয়৷ ঘটনা সংঘটিত হোৱাৰ সময়ত কন্যা ঘৰত অনুপস্থিত আছিল৷