![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/pmcfraud395.jpg?itok=eGSKCAKf)
নতুন দিল্লীঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ১ ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত ভাৰতীয় জীৱন বীমা নিগম পৰ্যায়ক্ৰমে ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাতো একপ্ৰকাৰ স্পষ্ট হৈ পৰে। চৰকাৰী বীমা প্ৰতিষ্ঠানটোক এনেদৰে ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তই বীমা ধাৰকসকলক হতাশ কৰি তোলাৰ সময়তে শনিবাৰৰ বাজেটে আশাৰ খবৰ কঢ়িয়াইছে বেংকৰ গ্ৰাহকসকললৈ।
বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা বেংকত জমা থকা ধনৰাশিৰ ওপৰত ধাৰ্য কৰা হোৱা ইঞ্চুৰেন্স কভাৰ বৃদ্ধি কৰি ১ লাখ টকাৰ পৰিৱৰ্তে ৫ লাখ টকা কৰা হ’ব। বৰ্তমান মন্দাৱস্থাৰ ফলত বেংক বন্ধ হোৱাৰ উপক্ৰম হ’লে প্ৰতিজন গ্ৰাহকে DICGCৰ মাধ্যমেৰে লাভ কৰে সৰ্বাধিক ১ লাখ টকাৰ বীমা। নতুন বাজেটত সেয়া বৃদ্ধি কৰি ৫ লাখ টকা কৰাৰ ব্যৱস্থা কৰা হৈছে।
এতিয়ালৈকে নিয়ম কি আছিল?
বৰ্তমানৰ নিয়ম অনুযায়ী যদিহে কোনো এটা বেংক বন্ধ হৈ পৰে বা নিজকে দেউলীয়া ঘোষণা কৰে তেতিয়া বেংকৰ গ্ৰাহকসকলৰ জমা ৰখা ধন আৱদ্ধ হৈ পৰে। সম্প্ৰতি বেংকত জমা ৰখা ধনৰ বিপৰীতে প্ৰতিজন গ্ৰাহকে লাভ কৰে মাত্ৰ ১লাখ টকাৰ বীমা। ইয়াৰ অৰ্থ এয়াই যে বেংকটো বন্ধ হৈ পৰিলে গ্ৰাহকে বীমাৰ ১ লাখ টকা লাভ কৰিব। এই নিয়ম মতে গ্ৰাহকজনে বেংকত ১ লাখতকৈ যিমানেই বেছি ধন জমা নাৰাখক কিয় বেংক দেউলীয়া হ’লে মাত্ৰ বীমাৰ ১ লাখ টকা লাভ কৰাৰহে গেৰাণ্টী লাভ কৰে।
অৱশ্যে একাধিক মিডিয়া ৰিপৰ্টত কোৱা হৈছিল যে কেন্দ্ৰ চৰকাৰে বেংকৰ গ্ৰাহকসকলক জমা ৰখা ধনৰ গেৰাণ্টি বৃদ্ধি কৰিবলৈ আঁচনি গ্ৰহণ কৰিছিল। উক্ত আঁচনি অনুযায়ীয়েই ১ ফেব্ৰুৱাৰীৰ বাজেটত এই ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
বেংকৰ প্ৰতি গ্ৰাহকৰ ভৰসা বৃদ্ধি পাব
বিগত সময়ছোৱাত বেংকৰ দুৰ্নীতিসমূহ পোহৰলৈ অহাৰ পিছতে বেংক ব্যৱস্থাৰ প্ৰতি ক্ৰমাৎ ভৰসা নাইকিয়া হৈ পৰিছিল সৰ্বসাধাৰণৰ। পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংকে যিদৰে গ্ৰাহসকলক জমা ৰখা কষ্টোপাৰ্জিত ধন উলিয়াবলৈ দিয়া নাছিল সেই ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰি তুলিছিল যে বেংকত জমা ৰখা তেওঁলোকৰ ধনবোৰ প্ৰকৃততে মুঠেই সুৰক্ষিত নহয়।
বেংকটোৰ এই কাণ্ডৰ কথা সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াযোগে জানিবলৈ পোৱাত আন বেংকৰ গ্ৰাহকসকলো ভিতৰি ভিতৰি চিন্তিত হৈ পৰে। এনে পৰিপ্ৰেক্ষিতত বেংকত জমা ৰখা ধনৰ গেৰাণ্টী বৃদ্ধি কৰাতো চৰকাৰৰ সমুখত বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল। কিয়নো বেংকৰ ওপৰত সাধাৰণ লোকসকলৰ ভৰসা বৃদ্ধি পালেহে ধন জমা কৰা লোকৰ সংখ্যা বৃদ্ধি পাব আৰু ধন জমা হ’লেহে বেংকে ঋণ দিব পাৰিব। ঋণ দিব পাৰিলেহে বেংকৰ উপাৰ্জন বৃদ্ধি পাব আৰু অৰ্থনীতিৰ বিকাশ হ’ব।
ছ’চিয়েল মিডিয়াৰ শক্তি
পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংক বিধ্বস্ত হৈ পৰাৰ সময়তে ছ’চিয়েল মিডিয়াযোগে বিগত বৰ্ষত ভাইৰেল হৈ পৰিছিল HDFC বেংকৰ পাচবুকৰ এখন ফটো। এই পাচবুকখনত আছিল এটা ষ্টাম্প। তাত লিখা কথাখিনি অথাখিনি আছিল এনে ধৰণৰ, 'যদিহে বেংক কোনো ধৰণৰ সংকটৰ সন্মুখীন হয় তেতিয়া গ্ৰাহকসকলে বেংকত যিমানেই বেছি ধন জমা নাৰাখক কিয় মাত্ৰ ১ লাখ টকাহে লাভ কৰিব। বেংকত জমা ৰখা ধনৰ DICGCৰ জৰিয়তে বীমা কৰা হৈছে। কোনো ধৰণৰ সংকট আহিলে DICGC-এ গ্ৰাহকসকলক সেই ধনৰাশি প্ৰদান কৰিব।’
এই ফটোখন ভাইৰেল হৈ পৰাৰ লগে লগে HDFC বেংকক লৈ বিতৰ্কৰ সূত্ৰপাত হয়। তেতিয়া বেংকটোৱে স্পষ্টীকৰণ দিয়ে যে পাচবুকত এই ষ্টাম্প তেওঁলোকে ২২ জুন, ২০১৭ত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই জাৰি কৰা এক নিৰ্দেশনা অনুযায়ী সংলগ্ন কৰিছে। ৰিজাৰ্ভ বেংকৰ উক্ত নিৰ্দেশনা অনুযায়ী সকলোধৰণৰ বাণিজ্যিক বেংক, স্মল ফাইনেন্স বেংক আৰু পেমেণ্ট বেংকসমূহে এই তথ্য গ্ৰাহকসকলক পাচবুকৰ প্ৰথম পৃষ্ঠাত দিব লাগে।
ইয়াৰ পিছতে এয়া স্পষ্ট হৈ পৰে যে বিষয়টো কেৱল এটা বেংকৰ নহয়। প্ৰতিটো বেংকেই দেউলীয়া হৈ পৰিলে গ্ৰাহকসকলে জমা ৰখা ধনৰ বিপৰীতে কৰা হোৱা বীমাৰ মাত্ৰ ১ লাখ টকাহে লাভ কৰিব। অৱশ্যে সুখৰ কথা এয়ে যে এতিয়ালৈকে ভাৰতত বেংক সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰাৰ দৰে ঘটনা সংঘটিত হোৱা নাই।
যদিহে কোনো বেংক সংকটৰ সন্মুখীন হৈছে তেন্তে ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ হস্তক্ষেপত উক্ত বেংকটোক আন কোনো সুস্থিৰ বেংকৰ সৈতে সংলগ্ন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অহা হৈছে। এনে কৰাৰ ফলত নতুন বেংকটোৱে ধনৰ দায়িত্ব গ্ৰহণ কৰে, ফলত গ্ৰাহকসকল সুৰক্ষিত হৈ পৰে।
বেংক দেউলীয়া হোৱাৰ পিছত জমা ৰখা ধনৰ কি হয় সেই সম্পৰ্কে পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংকে সন্মুখীন হোৱা সমস্যাৰ পূৰ্বে অধিকাংশ লোকেই অজ্ঞ আছিল যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে সেয়া ভাইৰেল হৈ পৰাত সকলোৱে অধিক উদ্বিগ্ন হৈ পৰে। ফলত সৰ্বসাধাৰণৰ এই উদ্বিগ্নতা দূৰ নকৰিলে ইয়াৰ প্ৰভাৱ সমগ্ৰ বেংক ব্যৱস্থাটোৰ ওপৰত পৰাৰ সম্ভাৱনালৈ চাই বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে চৰকাৰ। এই অনুযায়ী এইবাৰৰ বাজেটত বেংকৰ গ্ৰাহকসকলৰ জমা ধনৰ বীমা ১ লাখৰ পৰিৱৰ্তে ৫ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। বিত্ত মন্ত্ৰীগৰাকীৰ এই ঘোষণাই বেংক ব্যৱস্থাৰ প্ৰতি গ্ৰাহকসকলক পুনৰ আস্থাশীল কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে দেশৰ অধিকাংশ অৰ্থনীতিবিদে।