
গুৱাহাটীঃ কোৰিয়া বিদেশ মন্ত্ৰণালয়ৰ অধীনৰ কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰ, দিল্লীৰ উদ্যোগত আৰু গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক গোষ্ঠী 'ভাৱৰীয়া' ৰ সৌজন্যত অহা ৩০ জুনত অনুষ্ঠিত হ'ব কে-পপ ইণ্ডিয়া ২০১৭ (K-Pop India 2017)ৰ এক বিশেষ মেগা শ্ৱ'। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি গুৱাহাটীৰ কে-পপ ইণ্ডিয়াৰ অনুৰাগীৰ বিশেষ সুবিধাৰ্থে মাছখোৱা সাংস্কৃতিক প্ৰকল্পত সেইদিনা সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত দক্ষিণ কোৰিয়ান মিউজিকেল বয় ব্ৰেণ্ড লুচেণ্টে (LUCENTE) সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ইয়াকে লৈ উৎসাহিত হৈ পৰিছে অনুৰাগীসকল।
উল্লেখ্য যে ষষ্ঠবাৰৰ বাবে কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰই আয়োজন কৰা কে-পপ ইণ্ডিয়া ২০১৭ অনুষ্ঠানৰ মেগা শ্ৱ' দেশৰ মুঠ ১১খন চহৰৰ ভিতৰত উত্তৰ পূবাঞ্চলৰ গুৱাহাটী, নাগালেণ্ড, আৰু মিজোৰামত অনুষ্ঠিত হ'ব। গুৰুত্বপূৰ্ণ যে দক্ষিণ কোৰিয়াত কে-পপ এক অন্যতম ব্যাপক জনপ্ৰিয় সংগীত-কলা হিচাপে পৰিগণিত হৈছে। কোৰিয়ান পৰম্পৰাগত নৃত্য আৰু সংগীতক আধুনিক ভাৱে উপস্থাপন কৰি ইয়াক প্ৰসাৰ-প্ৰচাৰ হেতুকে কোৰিয়ান সকলে কোৰিয়াৰ নৃত্যশৈলিক আৰু স্থানীয়সংগীত শৈলিক নতুনত্ব প্ৰদানৰ বাবে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে।
কে-পপ জনপ্ৰিয় আৰু অধিক জনাজাত হ'ব পৰাকৈ সংক্ষেপে কে-পপ নামেৰে নামাকৰণ কৰিলেও কে-পপ হৈছে কোৰিয়াৰ জনপ্ৰিয় সংগীত কলা। অৱশ্যে কে-পপৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ১৯৯০ দশকৰ ফালে পোন প্ৰথম বাৰৰ ই দক্ষিণ এছিয়াৰ দেশ সমূহত ব্যাপক প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰিলে। ইপিনে ২১ শতিকাৰ আৰম্ভণি ভাগতে কে-পপ জাপানৰ সংগীতৰ বজাৰত প্ৰৱেশ কৰে।
২০০০ চনত এই সংগীত কলাই নৱপ্ৰজন্মৰ লগতে প্ৰাপ্ত:বয়স্ক সকলোবোৰ ব্যাপক প্ৰভাৱিত কৰি পূৱ এছিয়াৰ আৰু দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশবিলাকত প্ৰচুৰ পৰিমাণে প্ৰচলিত হ'য়। সম্প্ৰতি ইয়াৰ প্ৰসাৰতা সমগ্ৰ এছিয়া মহাদেশৰ উপৰিও অনা এছিয়া দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয়ানদেশসমূহতো কে-পপৰ জনপ্ৰিয়তা দুগুণ বৃদ্ধি হ'বলৈ লয়।
শেহতীয়াকৈ ২০০০ চনৰ পৰা কোৰিয়ান পপ মিউজিক ভাৰতৰ উত্তৰ-পূবাঞ্চলত সাংঘাতিক মাত্ৰাত প্ৰসাৰতা লাভ কৰিছে। ইতিমধ্যে অসম জীয়ৰী প্ৰিয়ংকা মজুমদাৰে ৱৰ্ল্ড কে পপ ২০১৭ৰ কোৰিয়াৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ কণ্ঠ শিল্পী আৰু যোৱা বাৰৰ কে-পপ ইণ্ডিয়াৰ চেন্নাইৰ চূড়ান্ত অনুষ্ঠানত বিজয়ী হৈ গৌৰৱ কঢ়িয়াই আনিছে।
অহা ৩০ জুনৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া বিনামূলীয়া প্ৰৱেশৰ এই মেগা শ্ৱ'ৰ অনুষ্ঠানত কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰ, দিল্লীৰ সঞ্চালক মি: কিম কোম য়াং, অৰুণাচল প্ৰদেশৰ কলা আৰু সাংস্কৃতিক মন্ত্ৰী ড: মহেশ চায়ে অংশগ্ৰহণ কৰিব।