27
May
2017

গুৱাহাটী/চাবুৱা: ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেত্ৰী কানন কুমাৰীৰ আৰু নাই। কামৰূপ জিলাৰ বকোৰ টেপচিয়াৰ স্ব-গৃহত আজি অভিনেত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল অভিনেত্ৰী কুমাৰী।
আগশাৰীৰ প্ৰায় সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কহিনুৰ থিয়েটাৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰি তেওঁ উজ্বলি উঠিছিল স্বকীয় প্ৰতিভাৰে।
অলংকাৰ, তেজীমলাকে ধৰি শতাধিক নাটকত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগত ম্ৰিয়মান হৈছে৷ তেওঁৰ মৃত্যুৰ বাতৰি হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ গৃহত অনেক গুণমুগ্ধই ভিৰ কৰে৷