![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/c554c284-f214-44e5-b646-31a7325d901d.jpg?itok=KC3Og5TS)
কনক দেউৰী, খেৰণিঃ প্ৰথমবাৰৰ বাবে ডিফুৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়িত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। পৰিপ্ৰেক্ষিতত কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসক লৈ ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত ব্যাপক প্ৰস্তুতি আৰু আয়োজন কৰা পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদক।
ইং ২৩ জুনত অৰ্থাৎ অহা কাইলৈ বৰ্ণিল কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত কেন্দ্ৰীয়ভাৱে কাৰ্বি পৰিষদে অনুষ্ঠিত কৰিব পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। তাৰেই উদ্দেশ্যেৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰিষদীয় গৃহসমষ্টিত ব্যাপক তৎপৰতাৰে বিশাল পেণ্ডেল, মঞ্চ, অস্থায়ী তোৰণ আদিৰ নির্মাণ কাৰ্য্য নেৰানেপেৰাভাৱে সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহত কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস ডিফু, হামৰেন অথবা কাৰ্বি আংলঙৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আদিত বিভিন্ন কাৰ্যসূচীৰে পৃথকে পৃথকে পালন কৰি আহিছিল যদিও এই বৰ্ষত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক একেলগে সামৰি পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত সমূহীয়াকৈ অৰ্থাৎ কেন্দ্ৰীয়ভাৱে কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰ্বি পৰিষদে বুলি এই কথা প্ৰকাশ কৰিছে তুলিৰাম ৰংহাঙে।
ফলত পৰিষদৰ এনে সিদ্ধান্তক লৈ উৎফুল্লিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙবাসী। লগতে এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ডংকামোকামত অভিলাষী আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ ধন ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ কৰা ৱাইচঙ ষ্টুডিয়ামৰো শুভ উদ্বোধন কৰিব বুলি ইতিমধ্যে উদ্যোগতাই জানিবলৈ দিছে। আনকি ৰংবিৰঙৰ লাইটেৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ডংকামোকাম ৱাইছং ষ্টেডিয়াম।
উক্ত অহা কালিৰ এই অনুষ্ঠানত ৰাজ্যিকমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীজুছ হাজৰিকাৰ বিপৰীতে বিজেপিৰ বাঘা বাঘা নেতা, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্যবৃন্দ, পৰিষদীয় সদস্য সকলৰ লগতে অন্যান্য বিশিষ্টলোক উপস্থিত থাকিব বুলি প্ৰকাশ কৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজকে।