![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/2a94e1df-0a3f-404f-a9d0-cfb03b2858ec.jpg?itok=YRbYA197)
জিয়াউল আলী,লখিমপুৰঃ লখিমপুৰ বন মহোৎসৱৰ লগত সংগতি ৰাখি "প্ৰচেষ্টা" নামৰ এন জি অ'ৰ প্ৰশংসনীয় পদক্ষেপ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ মহৎ উদ্দেশ্যৰে দুলুং বনাঞ্চলত গছ পুলি ৰোপন কাৰ্যসূচী ।
বিগত দিনত খাদ্যৰ বাবে হাতী জনাঞ্চললৈ ওলাই আহি হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা তথা বহুকেইটা হাতী ৰে'লৰ খুন্দাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি হাতী ৰখাৰ উদ্দেশ্য এই পদক্ষেপ। দুলুং বনাঞ্চলৰ বাঘিনীজানৰপৰা দুই কিলোমিটাৰ আঁতৰত শতাধিক কলগছ, অনাৰস, কঠাল গছ ৰূপন কৰে বেচৰকাৰী সংস্থাটোৰ শতাধিক সদস্যই।
হাতী ৰক্ষাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সংস্থাটোৱে। আনহাতে, এই কাৰ্যক ৰাইজেও প্ৰশংসা কৰিছে৷