28
Jun
2017
ডিজিটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হ’ব লগা সামগ্ৰী আৰু সেৱা কৰৰ পূৰ্বেই আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে কৰ পৰিশোধকাৰীসকলক নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে।
আয়কৰ আইন সংশোধন কৰা বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে পান কাৰ্ডৰ বাবে আবেদন কৰা প্ৰাৰ্থীক আধাৰ কাৰ্ডৰ ১২ টা ডিজিটৰ ইউনিক আইডি দিয়াটো বাধ্যতামূলক কৰিছে।
উল্লেখ্য যে দেশত ২৫ কোটি লোকৰ পান কাৰ্ড আছে আৰু ১১১ কোটি লোকলৈ ইতিমধ্যে পান কাৰ্ড দিয়া হৈছে। আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ বাবে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড বিৱৰণ বাধ্যতামূলক বুলি চেণ্ট্ৰেল ব’ৰ্ড অব ডিৰেক্ট টেক্সেছ-য়ে জনায়।