
ডিজিটেল ডেস্কঃ অচ্ছে দিনৰ উপহাৰ হিচাপে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰতিটো চিলিণ্ডাৰতে ৭টকাকৈ বৃদ্ধি পাব বুলি জানিবলৈ দিছে। কেন্দ্ৰৰ নিৰ্দেশৰ ভিত্তিতে ৰাজ সাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতি মাহতে এনেদৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয়কৃত তেল সংস্থাসমূহে।
ৰাজধানী দিল্লীত ৰাজ সাহায্যপ্ৰাপ্ত ১৪.২ কেজি চিলিণ্ডাৰৰ দাম আছিল ৪৭৯.৭৭ টকা। ৭₹কৈ বৃ্ধি পোৱাৰ পিছত এইবাৰ ইয়াৰ দাম হ২বগৈ ৪৮৭.১৮ টকা। অসমত দাম বৃদ্ধিৰ পূৰ্বে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ দাম আছিল ৪৭৫₹। এতিয়া ১ ছেপ্তেম্বৰৰ নতুন নিৰিখত গ্ৰাহকে ক্ৰয় কৰিব লাগিব চিলিণ্ডাৰ।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
উল্লেখ্য যে ৩১ জুলাইত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাক জনাইছিল যে আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰতে ৰন্ধন গেছৰ পৰা ৰাজ সাহায্য উঠাই দিয়া হ’ব। এই অনুযায়ী ৰাষ্ট্ৰীয় তেল সংস্থাসমূহক প্ৰতিমাহে ₹৪কৈ দাম বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছিল।
CLICK ► পত্নীক ৭০ টুকুৰাকৈ কাটি যাৱজ্জীৱন জেললৈ ইঞ্জিনীয়াৰ ৰাজেশ
আগষ্ট মাহত প্ৰতিটো চিলিণ্ডাৰৰ দাম ২.৩১ টকাকৈ বৃ্দ্ধি কৰা হৈছিল। ছেপ্তেম্বৰত সেই দাম আৰু বৃদ্ধি পাব পাৰে বুলিও জনাইছিল সংস্থাসকেইটাই। আনহাতে জি এছ টিৰ বাবেও পূৰ্বতকৈ দামী হৈ পৰিছে ৰন্ধন গেছ।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
ইফালে শুকুৰবাৰৰ পৰাই বৃদ্ধি কৰা হৈছে বিমান ভাৰা। জানিব পৰা মতে, এখন চহৰৰ পৰা এখন চহৰলৈ যাবলৈ হ’লে যাত্ৰীয়ে পূৰ্বতকৈ ১০০ টকা অধিক ভৰিব লাগিব। বিমানৰ ইন্ধনৰ দামো ৪ শতাংশ বৃদ্ধি কৰা হৈছে। Cess ধাৰ্য কৰা হৈছে প্ৰতি বিমানৰ বাবে ৫০০০ টকাকৈ। ফলত বিমান যাত্ৰীসকলে পূৰ্বতকৈ কেবাগুণো অধিক ভাৰা ভৰিবলৈ বাধ্য হৈ পৰিব।