19
Jul
2019

সপোন ৰহমান শইকীয়া, মৰিয়নীঃ অসমৰ সংবাদ মাধ্যমত চৰ্চিত এজন বিধায়ক মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷ শুকুৰবাৰে বিধায়ক গৰাকীয়ে মৰিয়নী ক্ৰিয়া সন্থাৰ ভৱনত এখন সংবাদমেল আয়োজন কৰে৷
সংবাদমেলত বিধায়ক গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যোৱালৈ মেলা আৰু নোযোৱাৰ কাৰণ আৰু আৰৰ কথা প্ৰকাশ কৰে৷ তেওঁ নিশ্চিত আগন্তুক ২০২১ ৰ নিৰ্বাচনত তেওঁ পুনৰ মৰিয়নীৰ বিধায়ক হ’ব৷ বিধায়ক ৰূপজ্যোতি কুৰ্মী সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে চিণ্ডিকেট, নাৰী কেলেংকাৰী, সাৰদা কেলেংকাৰীৰ সৈতে জড়িত থকা বিজেপি দললৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে৷
তেওঁৰ লগতে বিধায়ক গৰাকীৰ প্ৰয়াত মাতৃয়েও সপোনত ৰূপজ্যোতিক বিজেপিলৈ যোৱাত বাধা প্ৰদান কৰিছে বুলি কয়।