![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/modi-20-lakh.jpg?itok=qeiPaiEo)
নতুন দিল্লীঃ অৱশেষত মঙলবাৰৰ নিশা ৮ বজাৰ বহু প্ৰতীক্ষিত ভাষণত বিশেষ আৰ্থিক পেকেজৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ’না সংকটৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত 'আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়াৰ লক্ষ্যৰে ২০২০ চনৰ বাবে ঘোষণা কৰে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ।
ভাষণৰ ২০ মিনিটত তেওঁ কয়, 'এই আৰ্থিক পেকেজে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিব। সকলোখিনি পেকেজ একলগ কৰিলে ২০ লাখ কোটি টকাৰ সমান হ’ব। এয়া হৈছে জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০ চনত ২০ লাখ কোটি টকাৰ পেকেজে আত্মনিৰ্ভৰশীল ভাৰত অভিযানক নতুন গতি প্ৰদান কৰিব।’
তেওঁ কয় যে এই পেকেজে সকলোকে সামৰি ল’ব। ইয়াৰ জৰিয়তে কৃষক-শ্ৰমিকৰ লগতে মধ্যবিত্তসকলেও লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাইলৈ এই পেকেজ সন্দৰ্ভত সবিশেষ তথ্য বিত্তমন্ত্ৰীয়ে দেশবাসীক অৱগত কৰিব বুলিও ভাষণত জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'কৰ’নাত সমগ্ৰ বিশ্বত ৪২ লাখ লোক আক্ৰান্ত হৈছে। মৃত্যুমুখত পৰিছে ৩ লাখ লোক। ভাৰততো বহু লোকে আপোনজনক হেৰুৱাইছে। সেইসকলোকে সমবেদনা জনাইছো। এবিধা ভাইৰাছৰ বাবে সকলোতে আজি হাহাকাৰ লাগিছে। সমগ্ৰ বিশ্বই প্ৰাণ বচাবলৈ যুঁজ দিছে।’
এনে সংকট আগতে কাহানিও দেখাও নাছিল, শুনাও নাছিল বুলি উল্লেখ কৰি তেওঁ কয়, 'নিশ্চিতভাৱে এই পৰিস্থিতি মানুহৰ বাবে অভূতপূৰ্ব। কিন্তু ভাগি পৰিলে নহ’ব। মানুহ ভাগি পৰিলে শোভা নাপায়। সতৰ্ক থাকিব লাগিব। সকলো নিয়ম আমি মানি চলি নিজক বচাব লাগিব। আগুৱাবও লাগিব। আমি সংকল্প দৃঢ় কৰিব লাগিব।’
তেওঁ আৰু কয়, 'আমি আগৰে পৰা শুনিছো এই শতিকা আমাৰ দেশ ভাৰতৰ। এই শতাব্দী আমাৰ হ’ব, এয়া স্বপ্ন নহয়, আমাৰ দায়িত্ব হ’ব। বিশ্বৰ বৰ্তমানৰ পৰিস্থিতিয়ে বুজাইছে যে আমি আত্মনিৰ্ভৰশীল ভাৰত গঢ় দিব লাগিব। শাস্ত্ৰতো কৈছে আত্মনিৰ্ভৰতাৰ কথা। এখন দেশ হিচাপে আমি গুৰুত্বপূৰ্ণ স্থানত উপনীত হৈছো। কৰ’না সংকটৰ আৰম্ভণিতে আমাৰ এটাও পিপিই কিট নাছিল। N95 মাস্কো তৈয়াৰ হোৱা নাছিল। এতিয়া পিপিই কিট, মাস্ক সকলো লাখৰ ঘৰত তৈয়াৰ হৈছে। আত্মনিৰ্ভৰ ভাৰতৰ এয়াই ইংগিত।’
এনেদৰে সোমবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত অনলাইন বৈঠকৰ অন্তত দিয়া আজিৰ ভাষণত কৰ’না সংকটৰ সৈতে যুঁজ দিবলৈ দেশবাসীক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৭ মে’ৰ পিছত লকডাউনৰ চতুৰ্থ পৰ্যায় কেনে হ’ব সেয়া ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি অৱগত কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
২০ লাখ কোটিৰ পেকেজ সম্পূৰ্ণ নতুন হয়নে?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ ভাষণত ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিলেও এয়া সম্পূৰ্ণ নতুন পেকেজ নহয়। পূৰ্বে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ঘোষণা কৰা পেকেজ আৰু বিত্ত মন্ত্ৰণালয়ে ঘোষণা কৰা পেকেজে ইয়াৰ সৈতে সংযুক্ত হৈ আছে। নিজৰ ভাষণতে মোদীয়ে সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে।
তেওঁ কৈছে যে সকলোখিনি পেকেজ একলগ কৰিলে ২০ লাখ কোটি টকাৰ সমান হ’ব। অৰ্থাৎ ২০২০ চনৰ বাবে আজি মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজত আগৰ পেকেজসমূহো সোমাই আছে। আগৰ সকলো পেকেজক মিলাই আজি প্ৰধানমন্ত্ৰীয়ে সেয়া ৰাউণ্ড ফিগাৰত ২০ লাখ কোটি টকা হিচাপে দেশবাসীৰ সমুখত উল্লেখ কৰে। এই ২০ লাখ কোটিত নতুনকৈ কিমান লাখ কোটি যোগ কৰা হৈছে সেয়া কাইলৈ বিত্তমন্ত্ৰীয়ে সবিশেষ জনোৱাৰ পিছতহে স্পষ্ট হৈ পৰিব।
এতিয়ালৈকে কৰ’না কালত কিমান পেকেজ ঘোষণা কৰা হৈছে?
২০ লাখ কোটিত ২০ৰ পিছত আছে ১৩ টা শূন্য। এই ২০ লাখ কোটি পেকেজৰ কথা ঘোষণা কৰাৰ পূৰ্বে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আৰু বিত্ত মন্ত্ৰালয়েও কেবা লাখ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ৫০ হাজাৰ কোটি আৰু বিত্ত মন্ত্ৰণালয়ে গৰীৱ কল্যাণ আঁচনিৰ বাবে ঘোষণা কৰিছিল প্ৰায় ১ লাখ ৭০ হাজাৰ কোটিৰ পেকেজ।
পৰৱৰ্তী সময়ত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই বিত্তীয় ব্যৱস্থাক তৰান্বিত কৰিবলৈ পুনৰ ১লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। এইবোৰৰ উপৰিও আন একাধিক পেকেজ বিভিন্ন শিতানত ইতিমধ্যে চৰকাৰে ঘোষণা কৰি থৈছে। অৰ্থাৎ কৰ’না কালত ইতিপূৰ্বে ঘোষণা কৰা সমস্ত পেকেজ মিলাইহে ২০ লাখ কোটি টকাৰ পেকেজৰ কথা কোৱা হৈছে। বহুতে ভবাৰ দৰে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০ লাখ কোটি টকাৰ সম্পূৰ্ণৰূপে নতুন পেকেজৰ কথা কোৱা নাই।