![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/1484672219_hqdefault.jpg?itok=Q4U3B0rS)
ডিজিটেল ডেস্কঃ অৰ্ণৱ গোস্বামীক টিভিৰ টক শ্ব’বোৰত কেতবোৰ বিশেষ বাক্যাংশ আওঁৰোৱাৰ বাবে জনা যায়। টাইমছ নাও চেনেলৰ এসময়ৰ মুখ্য সম্পাদকগৰাকীয়ে টক শ্ব’ত সততে ব্যৱহাৰ কৰা নেশ্যন ৱাণ্টছ টু ন’ অৰ্থাৎ 'দেশখনে জানিবলৈ বিচাৰিছে’ বোলা কথাষাৰ হেনো ব্যৱহাৰ নকৰিবৰ বাবে আইনী অধিসূচনা জাৰি কৰিছে মিডিয়া গ্ৰুপ এটাই।
টিভিত এই বাক্যাংশটো ব্যৱহাৰ কৰিলেই জেইল পৰ্যন্ত হ’ব পাৰে বুলি ভাবুকি দিয়া হৈছে ৰিপাব্লিক নামৰ নিজা চেনেল আৰম্ভ কৰিবলৈ লোৱা অৰ্ণৱ গোস্বামীক। ইউটিউবত ছয় পৃষ্ঠাজোৰা আইনী অধিসূচনাখনৰ বিষয়ে ৩ মিনিটৰ এটা ভিডিঅ’ও সোমবাৰে আপলোড কৰিছে সাংবাদিকজনে।
'বিগত ২০ বছৰ ধৰি মই এই বাক্যাংশটো ব্যৱহাৰ কৰি আহিছো, আৰু এয়া ৰাইজৰ সম্পত্তি হেতুকে যিকোনো লোকেই এয়া ব্যৱহাৰ কৰিব পাৰে।’- এই মন্তব্য কৰে অৰ্ণৱে।
ৰিপাব্লিক চেনেলটো বন্ধ কৰিবলৈ বিগত কিছুদিন ধৰি অৰ্ণৱ আৰু তেঁওৰ টীমটোৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰ চলা বুলিও ভিডিঅ’টোত উল্লেখ কৰে গোস্বামীয়ে। শেষত টিম ৰিপাব্লিকৰ গতি অনুৰুদ্ধ বুলি কয় জনপ্ৰিয় সাংবাদিকজনে।