01
Feb
2017

কোকিলাঃ মাকৈ খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত জপেয়া মুলবাৰী অঞ্চলৰ শ শ কৃষকে। বান বিধ্বস্ত অঞ্চলটোত প্ৰায় ১০০০ বিঘা কৃষিভূমিত এতিয়া ভৰি পৰিছে সেউজ মাকৈৰে৷
বিঘাই প্ৰতি ৪/৫ হাজাৰ টকা খৰচ কৰি ২৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জনৰ অাশা কৰিছে দুখীয়া কৃষক সকলে। মহাজনৰ পৰা টকা ধাৰ লৈ কৃষকসকলে খেতি কৰিছে যদিও চৰকাৰৰ বিয়াগোম কৃষি বিভাগে কোনো সঁহাৰি দিয়া নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে কৃষকসকলে।
‘বহু কষ্টৰে মাকৈ খেতি কৰিছো৷ খেতি ভালেই হৈছে৷ ধাৰ লৈ খেতি কৰিছো৷ কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিছিলো যদিও তেওঁলোকে গুৰুত্ব নিদিলে৷’- এইদৰে কয় এজন কৃষকে৷