24
Apr
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/WhatsApp%20Image%202017-04-24%20at%2012.07.12%20PM.jpeg?itok=qS5vJnPo)
ডিজিটেল ডেস্কঃ ভাৰতীয় শ্ৰমিকৰ ওপৰত খৰ্গহস্ত ইংলেণ্ড৷ নিয়ম নমনা বাবেই ভাৰতৰ ৩৮ জন শ্ৰমিকক ল’লে আৰক্ষীৰ জিন্মাত৷ ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো অবৈধভাৱে দেশখনত থকাৰ বাবেই শ্ৰমিককেইজনৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰে দেশখনে৷
ইংলেণ্ডৰ লীচেষ্টৰচায়ৰ দুটা ফেক্টৰিত আৰক্ষীয়ে অভিযান চলাওতেই এই কথা পোহৰলৈ আহে৷ উক্ত ৩৮ জন শ্ৰমিকৰ ৯ গৰাকী মহিলা৷ উক্ত শ্ৰমিককেইগৰাকীৰ ৩১ গৰাকীৰ ভিছাৰ ম্যাদ সমাপ্ত হৈছিল আৰু ৭ গৰাকী অবৈধভাৱে ইংলেণ্ডলৈ আহিছিল৷
তদুপৰি যিকেইটা ফেক্টৰিত শ্ৰমিককেইগৰাকী কৰ্মৰত আছিল উক্ত প্ৰতিষ্ঠানকেইটাও নিয়মৰ বিপৰীতে কাম কৰাৰ বাবে জৰিমনা বিহিব লাগিব বুলি প্ৰকাশ কৰিছে দেশখনৰ প্ৰশাসনে।