![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/701067-sanju.jpg?itok=GRVbyGR7)
newsnextone.com | ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ অভিনীত সঞ্জয় দত্তৰ জীৱনভিত্তীক ছবি ‘সঞ্জু’ৱে বক্স অফিচত অভূতপূৰ্বক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বুধবাৰে ছবিখনে ১৮.৯০ কোটি টকা আয় কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পূৰ্বে ‘সঞ্জু’ৱে মঙলবাৰে ২২.১০ কোটি, সোমবাৰে ২৫.৩৫ কোটি টকা আয় কৰে৷ দেওবাৰে ছবিখনে সকলোতকৈ বেছি ৪৬.৭১ কোটি টকা আয় কৰিবলৈ সক্ষম হয়৷ শনিবাৰে ছবিখনে ৩৮.৬০ কোটি টকা আয় কৰাৰ লগতে মুক্তিৰ দিনাই ৩৪.৭৫ কোটি টকা আয় কৰি এখন সফল ছবি হিচাপে পৰিগণিত হয়৷
ছবিখনে মুক্তিৰ দিনাখনৰ পৰা বুধবাৰ পৰ্যন্ত মুঠ ১৮৬.৪১ কোটি ইনকাম কৰে৷ ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে ছবিখনৰ ইনকামৰ বিষয়ে উল্লেখ কৰি এটা টুইট কৰি কয় যে ছবিখনে ২০০ কোটিৰ ঘৰ স্পৰ্শ কৰি এখন ব্লকব্লাষ্টাৰ হিট ছবি হিচাপে ইতিহাস ৰচনা কৰাৰ সম্ভাৱনা আছে৷
ছবিখনত সঞ্জয় দত্তৰ চৰিত্ৰত সুদক্ষতাৰে অভিনয় কৰা ৰণবীৰ কাপুৰে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বিক্কী কৌশলৰ সুদক্ষ অভিনয়ে দৰ্শকক মোহিত কৰিব পাৰিছে৷ সঞ্জয় দত্তৰ জীৱনৰ বিভিন্নৰ উত্থান-পতন, খলা-বমাক প্ৰকাশ কৰা ছবিখনে দৰ্শকৰ মনত আগ্ৰহ সৃষ্টি কৰিছে৷ এই কথা ছবিখনৰ বক্স অফিচ কালেকচনে প্ৰকাশ কৰিছে৷
‘সঞ্জু’ চিনেমাখনত ৰণবীৰ আৰু বিক্কীৰ উপৰিও পৰেশ ৰাৱাল, চোনম কাপুৰ, অনুস্কা শৰ্মা, জিম চাৰাভ আৰু বোমান ঈৰাণীয়েও সুদক্ষ অভিনয় কৰিছে৷ ছবিখন পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে আৰু প্ৰযোজনা কৰিছে বিধু বিনোদ চোপ্ৰাই৷