09
May
2017

ডিজিটেল ডেস্কঃ কোনখন দেশত হোৱাটচ এপ ইউজাৰে আটাইতকৈ বেছি ভিডিঅ’ কল কৰে, এই তথ্য প্ৰকাশ কৰিছে হোৱাটচ এপে। ভিডিঅ’ কলিঙৰ মিনিট হিচাপে এই হিচাপ কৰি তথ্য প্ৰকাশ কৰিছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় মেচেজিং এপ হোৱাটচ এপে।
মাহে ১.২ বিলিয়ন লোক সক্ৰিয় থকা হোৱাটচ এপত নৱেম্বৰ মাহত ভিডিঅ’ কলিঙৰ এই তথ্যত ভাৰতে লাভ কৰিছে প্ৰথম স্থান। কোম্পানীটোৱে প্ৰকাশ কৰা তথ্যমতে ভাৰতত প্ৰতিদিনে ৫০ মিলিয়ন ভিডিঅ’ কলিং মিনিটেৰে তালিকাত শীৰ্ষ স্থান কৰিছে। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা তথ্যমতে ভাৰতত সম্প্ৰতি ২০০ মিলিয়ন হোৱাটচ এপ ইউজাৰ আছে।