22
Oct
2018
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/foodpoison.jpg?itok=ekt0rs3b)
নগাঁওঃ খাদ্যত বিষক্ৰিয়া হৈ আজি এজন লোকৰ মৃত্যু হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। মৃত লোকজনৰ নাম হৈছে আব্দুল মান্নান ৷ জানিব পৰা মতে ৰহাৰ এখন হোটেলত চাহ-চিঙৰা খাই অসুস্থ হৈ পৰিছিল মান্নানসহ চাৰিজন লোক। অসুস্থ হৈ পৰা আন তিনিজনৰ নাম হৈছে- হবিবুৰ ৰহমান , ইক্ৰামূল হুছেইন , ৰফিকুল ইছলাম । এইকেইজনৰ ভিতৰত এজনৰ অৱস্থা অধিক সংকটজনক হোৱাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আন দুজন নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
উল্লেখযোগ্য যে আজি দুপৰীয়া চাৰিওজনে মিলি একেলগে ৰহা নতুন চাৰি আলিস্থিত এখন হোটেলত চাহ আৰু চিঙৰা খাইছিল।
জয়ন্ত মুদৈ,নগাঁও