আমগুৰিঃ "ড° জগন্নাথ মহন্তৰ দৰে সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ ব্যৱহাৰিক আৰু তাত্বিক পাণ্ডিত্যৰ অধিকাৰী ব্যক্তিয়ে জীৱিত কালত প্ৰাপ্য সন্মান নাপালে।" এই মন্তব্য শাৰদী শইকীয়াৰ।
যোৱা ১৭ মাৰ্চৰ সন্ধিয়া আমগুৰিত শ্ৰীশ্ৰীকমলাবাৰী সত্ৰৰ বৰবায়ন, গুৰু টংকেশ্বৰ হাজৰিকাক পোন প্ৰথমবাৰৰ বাবে ড° জগন্নাথ মহন্ত স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত আগবঢ়োৱা ভাষণত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া শিল্পী শাৰদী শইকীয়াই এনেদৰেই মন্তব্য কৰে।
ড° জগন্নাথ মহন্তৰ সান্নিধ্যত সত্ৰীয়া নৃত্যৰ শিক্ষা লাভ কৰা শাৰদী শইকীয়াই এই বঁটা প্ৰদান কৰি আবেগিক হৈ আগবঢ়োৱা ভাষণত ড° জগন্নাথ মহন্তৰ "সত্ৰীয়া ডান্সেছ অব আছাম" গ্ৰন্থখন অসমৰ সকলো সত্ৰীয়া নৃত্যৰ অধ্যাপক আৰু শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা উচিত বুলি শইকীয়াই মন্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে, প্ৰয়াত ড° জগন্নাথ মহন্তৰ সোঁৱৰণত ড° জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চই বিগত বছৰবোৰত স্মৃতি দিৱস উদযাপন কৰি অহাৰ লগতে এইবছৰৰপৰা ড° জগন্নাথ মহন্ত স্মাৰক বঁটা প্ৰদান কৰিছে।
এই বঁটাত আছে এটা স্মাৰক, প্ৰশস্তি পত্ৰ, আৰু নগদ ধন। এই উপলক্ষে যোৱা ১৬ আৰু ১৭ মাৰ্চৰ দুদিনীয়া কাৰ্যসূচীত মঞ্চই আমগুৰি নাট্য মন্দিৰত আয়োজন কৰে ড° জগন্নাথ মহন্ত স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান।
১৭ মাৰ্চৰ সন্ধিয়া উদযাপন সমিতিৰ সম্পাদক ইন্দ্ৰকমল ফুকনে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত ড° জগন্নাথ মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তিতাবৰ কমলাবাৰী সত্ৰৰ বৰবায়ন পৰমানন্দ কাকতিয়ে।
পূবেৰুণ শিল্পী সমাজ আমগুৰি, কৰাপাট, ড° জগন্নাথ মহন্ত ইন্সটিটিউট অব পাৰফৰ্মিং আৰ্ট আৰু আমগুৰিবাসী ৰাইজৰ সহযোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে যোৰহাট সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ সাৰংগপাণি বৰদলৈ। অনুষ্ঠানত প্ৰয়াত ড° মহন্তৰ সহধৰ্মিনী অঞ্জনা মহন্ত, ড° জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চৰ সভাপতি ড° অনিল কুমাৰ শইকীয়া, উদযাপন সমিতিৰ সভাপতি দিগন্ত বৰুৱা উপস্থিত থাকে।
ড° জগন্নাথ মহন্ত স্মাৰক বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা বৰবায়ন টংকেশ্বৰ হাজৰিকাই ভাষণ প্ৰসংগত প্ৰয়াত ড° মহন্তই সংগীত নাটক একাডেমীৰ বটাঁ লাভ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে।
অনুষ্ঠানৰ আৰম্ভনিতে অনুষ্ঠানৰ মুখ্য অতিথি বিশিষ্ট অতিথি, বঁটা প্ৰাপকক সত্ৰীয়া পৰম্পৰাৰে আগবঢ়াই আনি সম্বৰ্ধনা জনোৱা হয়। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধ্যা মুকলি কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল কুমাৰ গগৈয়ে।