গুৱাহাটীঃ অৱশেষত শৰাইঘাট দলঙৰ মেৰামতি কাম স্থগিত কৰা হ’ল৷ 

তিনিদিন পৰীক্ষামূলক কামৰ বাবে শৰাইঘাট দলঙৰ মেৰামতিৰ কাম স্থগিত ৰখা হ’ল। ঐতিহাসিক দলংখন মেৰামতি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা লিখিত অনুমতি নোপোৱা বাবে কাম কৰিবলৈ লৈও থমকি ৰৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভাগে। এই কথা জানিবলৈ দিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মা।

শৰ্মাই লগতে উল্লেখ কৰে ঐতিহাসিক দলঙখনৰ প্ৰায় ৪০ শতাংশ মেৰামতিৰ কাম কৰিব লগা আছে। দলংখনত থকা ১২৬ খন আৰচিচি চিলেপৰ ৪৫ খন চিলেপ নতুনকৈ বনাব লাগিব বুলি জানিবলৈ দিয়ে। তাৰ বাবে চৰকাৰৰপৰা ৯০ দিনৰ সময় বিচৰা বুলিও জানিব দিয়ে ৰে’লৱে মুখ্যবিষয়া গৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে ব্যাহত নহয় ৰে’লসেৱা। কাৰণ উক্ত সময়ছোৱাত ৰে’ল চলাচল অব্যাহত থাকিব শৰাইঘাটৰে।