ওদালগুৰিঃ ৰাজ্যৰ দৰে বিটিচি পৰিষদতো অস্তিত্ব হেৰুৱাইছে আঞ্চলিক দলে। কোকৰাঝাৰত টিকট দি প্ৰমিলাৰাণী ব্ৰহ্মক বলিৰ পঠা সজাইছে হাগ্ৰামা মহিলাৰীয়ে। এই ভাষ্য এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। বুধবাৰে ওদালগুৰিত অনুষ্ঠিত এক গণ সমাৱেশত একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজালে ইউপিপিএলয়ে। 

ৰাজ্যবাসীক পাৰ্টীৰ সলনি প্ৰাৰ্থী চাই ভোটদানৰ আহ্বান এবছু সভাপতিগৰাকীৰ। আজি ওদালগুৰিৰ কবিৰালীত এক বিশাল গণ সমাৱেশৰ দ্বাৰাই একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজালে ইউপিপিএলে। কবিৰালী আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ। এই সমাৱেশত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও মন্তব্য প্ৰকাশ কৰে। 

ইফালে, কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে প্ৰক্ষেপ কৰা প্ৰাৰ্থী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ব্ৰহ্ম‌ই কয় যে ছয় বছৰৰপৰা ৰাজ্যৰ বিধায়ক তথা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা প্ৰমীলাৰাণী ব্ৰহ্মক কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰি বলিৰ পঠা সজাইছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমিলাৰাণী ব্ৰহ্ম এগৰাকী মন্ত্ৰী হৈয়ো বিটিচিৰ কোনো উল্লেখযোগ্য কাম বিগত দিনবোৰত কৰিবলৈ সক্ষম নহ'ল। 

এতিয়া সাংসদ হৈ কি কৰিব সেয়াও ৰাইজে জানে। বৰ্তমান ৰাজ্যত যেনেকৈ আঞ্চলিকতাবাদৰ অস্তিত্ব নোহোৱা হৈছে, ঠিক তেনেদৰে বিটিচি অঞ্চলতো অস্তিত্বশূণ্য হৈ পৰিছে আঞ্চলিকতাবাদ। ফলত ইউপিপিয়ে নতুন আঞ্চলিকতাবাদী শক্তিক ধৰি ৰখাৰ স্বাৰ্থ আগত ৰাখি আগবাঢ়ি অহা বাবে ইউপিপিএলক এবছুৱে মুকলিভাৱে সমৰ্থন জনাইছে। 

সেয়েহে ৰাজ্যৰ সকলো আঞ্চলিকতাবাদপ্ৰিয় বুদ্ধিজিৱীসকলক আঞ্চলিকতাবাদ ধৰি ৰখাৰ স্বাৰ্থত মংগলদৈ আৰু কোকৰাঝাৰ সমষ্টিত কাম কৰাৰ আহ্বান জনাই এবছু সভাপতিগৰাকীয়ে। সভাপতি বড়োৱে আহ্বান জনাই কয় যে পাৰ্টীয়ে বহুতো মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত জয়ী হোৱাৰ কৌশল ৰচনা কৰে। সেয়েহে পাৰ্টীৰ বিপৰীতে প্ৰাৰ্থী চাইহে অসমহবাসী ৰাইজক বিবেক ভোট প্ৰদানৰ আহ্বান জনায়।