♦ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জন্মস্থানৰ বিতৰ্কৰ মাজতেই মৰিগাঁৱৰ মৰাসোণাই পাৰৰ আঁহতগুৰি চাপৰিত বেজবৰুৱা জন্মস্থানৰ নতুন তথ্য উদ্ধাৰ

জিতুমনি নাথ, মৰিগাঁওঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জন্মস্থানক লৈ চলি থকা বিতৰ্কৰ মাজতেই মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ মৰাসোণাই পাৰৰ আঁহতগুৰি চাপৰিত বেজবৰুৱা জন্মস্থানৰ নতুন তথ্য উদ্ধাৰ হোৱা বুলি দাবী কৰিছে মৰাসোণাই পাৰ শাখা সাহিত্য সভাৰ লগতে সাহিত্যিক ভাৰত চন্দ্ৰ নাথে।

সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁলোকে কয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জীৱনকালতে জন্মস্থানত সজাই থৈ যোৱা এটা গৰখীয়া দৌল ঘৰ উদ্ধাৰ কৰা হৈছে। তেওঁ জীৱনকালতে সজোৱা আহোম ৰাজত্ব কালৰ ভাস্কৰ্যৰে গৰখীয়া দৌল ঘৰটো মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ মৰাসোণাই পাৰৰ আঁহতগুৰি চাপৰিত অৱস্থিত।

পাঁচশ বছৰ অধিক সময়ৰ এজোপা আঁহত গছৰ অংশ-বিশেষ গছৰ গুৰিটোৰ ভিতৰত মোহৰ নথকা আৰু মুধচ ধেনুভিৰীয়াকৈ সজা বাৰফুট দীঘল, আঠ ফুট বহল, সাত ফুট ওখ ইটাচালিৰ গৰখীয়া দৌল ঘৰটোৰ ভিতৰলৈ সোমাব লগা হ’লে গছৰ সুৰংগ এটাৰে সোমাব লাগে।

বাহিৰৰপৰা দৌল ঘৰটো চকুত নপৰে। মৰাসোণাই পাৰ চাপৰিৰ বঙলাবড়িটোত পূৰ্বতে থকা ৰামকুমাৰ আৰু ৰাজকুমাৰ শীল বৈদ্যৰ সহযোগত ঘৰটো সজাইছিল যদিও অঞ্চলৰ কোনো গাঁও বা লোকৰ পৃষ্ঠপোষকতাত হোৱা প্ৰমাণ নাই। 

গৰখীয়া দৌল সজা মিস্ত্ৰিজন পাছত নগাঁৱলৈ যায় আৰু দীননাথৰপৰা শিক্ষা লাভ কৰা ৰাজকুমাৰ শীল বৈদ্যৰ পৰিয়াল ক্ৰমে গৰুখুটি আৰু খন্দাপুখুৰীত থকাৰ পাছত এতিয়া মিকিৰভেটাত থাকিবলৈ লৈছে। 

তদুপৰি বেজবৰুৱা 'শংকৰদেৱ' গ্ৰন্থতো হাবিবৰঙাবাৰী অঞ্চল ভ্ৰমণ কৰা দিশ এটাও সাব্যস্ত কৰিছে।শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাৰপৰা আহি মদন গোপাল ভাস্কৰ্য মূৰ্তি স্থাপন কৰিছিল শংকৰদেৱৰ মাহীমাক অনুধৃতিৰ পুত্ৰ বনগয়াঁগিৰী জন্ম হোৱা আৰু থকা ঠাই 'হাবিবাৰী' নামৰ দ্বিতীয়খন ঘৰ থকা ঠাইত।

এই 'হাবিবাৰী' অৰ্থাৎ পাছত হাবিবৰঙাবাৰী ৰূপে নামাকৰণ হোৱা ঠাইত এতিয়াও কেওলা বাঢ়ৈয়ে সজাই দিয়া ৮ ফুট দীঘল, ডেৰফুট বহল, তিনিফুট ওখ 'মদনগোপাল মূৰ্তি' আছে। চৰিত গ্ৰন্থত এই হাবিবাৰী নামটো একমাত্ৰ লক্ষ্মীনাথ বেজবৰুৱাইহে উল্লেখ কৰিছিল বুলি দাবী কৰে। 

উল্লেখ্য যে মৰিগাঁৱৰ মৰাসোণাইপাৰ শাখা সাহিত্য সভা আৰু সাহিত্যিক ভাৰত চন্দ্ৰ নাথে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জন্মস্থান সন্দৰ্ভত তথ্য সহকাৰে প্ৰকাশ কৰি দাবী কৰা ঘটনাই বেজবৰুৱা জন্মস্থানৰ বিতৰ্কই এক নতুন মাত্ৰা প্ৰদান কৰিছে।