মাৰ্ঘেৰিটাঃ অসমৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে আখ্যা দিয়া হয় মাৰ্ঘেৰিটা নগৰ৷ অৱশ্যে এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হ’লেও বৃহৎ বৃহৎ যান বাহনৰ ভৰত পথৰ ওপৰৰ বোজা এখন মেট্ৰ’পলিটান মহানগৰীৰ তুলনাত কোনো গুণেই কম নহয়। বিজেপি দলৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷ কিন্তু এই মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাম্প্ৰতিক পৰিস্থিতি দেখিলে সাধাৰণ ৰাইজৰ চকু কপালত উঠিব৷

কলাহীৰাৰ চোৰাং ব্যৱসায়ৰ বাবে সততে চৰ্চা লাভ কৰা মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পৰিণত হৈছে মৰণফান্দলৈ৷ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ লগতে চোৰাং কয়লাৰ বৃহৎ বৃহৎ গাড়ী দৈনিক চলাচল কৰাৰ ফলত ঘাইপথছোৱাৰ প্ৰায় বিলাক অংশ ভাঙি গৈ একো একোটা বৃহৎ পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে৷ য’ত এতিয়া বাহনৰ ভাৰসাম্যতা হেৰুৱাই দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷

বিশেষকৈ মাৰ্ঘেৰিটা, বৰগোলাই, লিডু আৰু টিৰাপ কলিয়ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা অতি বিপদজনক৷ দৈনিক সাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰী-ছাত্ৰী পথছোৱাইদি অহা-যোৱা কৰাটো এক বৃহৎ প্ৰত্যাহবান ৰূপে বিবেচিত হৈছে৷ কিন্তু ইমানৰ পিছত গা-এৰা মন্তব্য প্ৰকাশ সংশ্লিষ্ট কৰ্তৃপক্ষৰ৷

প্ৰাপ্ত অভিযোগ অনুসৰি জনৈক এজন ঠিকাদাৰক পথ মেৰামতিৰ বাবে ৬০ টকা আৱন্তিত ধন মুকলাই দিয়া হৈছিল৷ কিন্তু ঠিকাদাৰ গৰাকীয়ে মেৰামতিৰ নামত এমুঠিমান শিল আৰু বালি পেলাই সিংহভাগ ধন আত্মসাৎ কৰা অভিযোগ উঠিছে। যাৰ পৰিপেক্ষিতত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পথছোৱা অধিক বিধ্বস্ত হৈ পৰিছে৷ বিগত সময়ত বহুবাৰ নানান অৰাজনৈতিক দল সংগঠন সমূহে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰি আহিছে যদিও চৰকাৰৰপৰা আজি পৰ্যন্ত কোনোধৰনৰ সঠিক সিদ্ধান্ত গ্ৰহন কৰাৰ পৰিলক্ষিত নহ’ল৷ 

ইফালে, মাৰ্ঘেৰিটাৰ সাংবাদিক সন্থায়েও অলপতে বিধ্বস্ত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনঃনিৰ্মাণ আৰু এই পথ মেৰামতিৰ বাবে মোকলাই দিয়া ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবীত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰন কৰে যদিও এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহন কৰা নায়৷

গা এৰা মনোভাৱ পোষন কৰিছে মন্ত্ৰী হিমন্তৰ গড়কাপ্তানী বিভাগৰ লগতে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাই৷ কি কাৰণনত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৎ সাহস গোটাব পৰা নাই সেয়া নুবুজা সাঁথৰ৷ পৰিৱৰ্তনৰ শ্ল'গানেৰে গাদী দখল কৰাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যবাসীক দেখুওৱা সপোন বাস্তৱত পূৰণ হ’বলৈ আৰু কিমান দিনলৈ অপেক্ষা কৰিব লাগিব সেয়া সময়ে নিৰ্ধাৰন কৰিব ৷ এটা কথা স্পষ্ট যে বাৰিষাৰ পূৰ্বেই যদি মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি নকৰে তেন্তে অনাগত দিনত পথছোৱাই ভয়াৱহতাৰ সীমা চেৰাই জনসাধাৰণৰ বাবে যে এক ভয়ংকৰ বিপদ মাতি অনাটো এশ শতাংশ নিশ্চিত তাক কোনেও নুই কৰিব নোৱাৰে৷