বৰহোলাঃ সদৌ অসম মইনা পাৰিজাতৰ অন্তগৰ্ত অন্যতম জিলা মইনা পাৰিজাত তিতাবৰ জিলা মইনা পাৰিজাতৰ সপ্তম দ্বি-বাৰ্ষিক শিশু সমাৰোহখন ফুলবাৰীৰ সুৰমাধুৰী মইনা পাৰিজাতৰ আমন্ত্ৰণত ১০ মে'ৰপৰা অনুষ্ঠিত হৈ সোমবাৰে সামৰণি পৰে। আজি পুৱাতে তিতাবৰৰ বিশিষ্ট নাট্য কৰ্মী প্ৰতিম মহন্তই উদ্ধোধন কৰা মইনা সকলৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে মন আকৰ্ষিত কৰে।
দুপৰীয়া সুৰমাধুৰী মইনা পাৰিজাতৰ মইনা শ্বুহানা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰি উদেশ্য বাখ্যা কৰে জিলাৰ সম্পাদক ৰবীন মহন্তই। মইনা শ্ৰুতিপ্ৰিয়া ভূঞাই উদ্ধোধন কৰা সভাখনত গোলাঘাট জিলা মইনা পাৰিজাতৰ মইনা স্বৰাজ শইকীয়া আৰু যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা বিদিশা হাজৰিকা মইনা বক্তা হিচাবে, মইনা স্নেহা প্ৰিয়দৰ্শিণী শইকীয়া, মইনা স্নেহা ময়ী দত্ত মইনা বিস্মিতা শইকীয়াই মইনা অতিথি হিচাবে অংশ গ্ৰহণ কৰে।
সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মণ্টুমণি দত্ত মুখ্য অতিথি হিচাবে, যোৰহাটৰ সংগীত শিল্পী ৰিপা গোস্বামী বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা দুয়োজন বক্তাই মইনা সকলক উদ্দেশ্যি মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। শিশু বন্ধু ব্ৰজেন বৰা, শিশু বন্ধু যোগেশ্বৰ বৰা, তিতাবৰ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক অৰুণ শইকীয়া, বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ খাউণ্ড, তিতাবৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি প্ৰণৱ কুমাৰ ফুকন আমন্ত্ৰিত অতিথি হিচাপে সভাত উপস্থিত থাকে।
সভাত তিনিটা দিনত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা লাভ কৰা মইনাসকলক বঁটা প্ৰদান কৰা হয়। সদৌ শেষত অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক নিত্যজিৎ শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়৷ আনহাতেদি ১০ মে'ৰ দিনা আৰম্ভণি হোৱা কাৰ্যসূচীৰ কাৰ্যালয় দ্বাৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি শৈলেন্দ্ৰ নাথ বৰাই আৰু প্ৰতিনিধি শিবিৰ মুকলি কৰে সমাজ কৰ্মী তৰুণ চাংমায়ে। ক্ৰীড়াবিদ ৰমানন্দ শইকীয়া সোঁৱৰণী মঞ্চটি সমাজ কৰ্মী প্ৰকাশ শইকীয়াই উদ্বোধন কৰাৰ পাছতে প্ৰতিযোগিতা উদ্ধোধন কৰে তিতাবৰ জিলা মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি পবিত্ৰ শইকীয়াই।
সন্ধিয়া অভ্যৰ্থনা সমিতিৰ উপ সভাপতি ৰামচন্দ্ৰ শইকীয়াই বন্তি প্ৰজ্বলন আৰু মইনা সকলৰ মাজত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটি উদ্ধোধন কৰে প্ৰাক্তন মইনা বাগ্মিতা শইকীয়াই। ১১ মে'ৰ দিনা পুৱা মইনা উজ্জ্বল শইকীয়াই পতাকা উত্তোলন কৰে। জিলা মইনা পাৰিজাতৰ সম্পাদক ৰবীন মহন্তই স্মৃতি তৰ্পন কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ পাছতে মাৰ্চ পাৰ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু অভিবাদন গ্ৰহণ কৰে জিলাৰ সভাপতি অপূৰ্ব শইকীয়া আৰু উদযাপন সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শইকীয়াই। সন্ধিয়ালৈ শিশু বন্ধু পুলিন কাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতে মইনা সকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।