নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত ৰাইদঙীয়াৰ সমীপৱৰ্তী ভোমোৰাগুৰিত সোমবাৰে এক সমূহীয়া উপনয়ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰ্তমান অসমীয়া সমাজত চলি থকা জাকজমকীয়া অৰ্থসৰ্ৱস্ব অনুষ্ঠানে বাৰুকৈয়ে সমস্যাত পেলাইছে দৰিদ্ৰ লোকসকলক। 

সেয়ে ভোমোৰাগুৰি গাঁওৰ কুৰিজন উদীয়মান যুৱকৰ দশ সংস্কাৰৰ অন্যতম "উপনয়ন" অনুষ্ঠান সমূহীয়াভাৱে অনুষ্ঠিত কৰা হয়৷ এই মৰ্মে ভক্ত-বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতী আৰু শিশুসকলৰ উপস্থিতিত সমগ্ৰ অঞ্চলতে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। ভোমোৰাগুৰি মাজ নামঘৰ প্ৰাংগনত অনুষ্ঠিত এই সমূহীয়া উপনয়ন অনুষ্ঠান উপলক্ষে পুৱা আইসকলে হৰিনাম-কীৰ্ত্তন কৰি পানী তুলি কুৰিজন যুৱকক আধ্যাত্মিক নীতি-নিয়মেৰে মাহ, হালধিৰে নোওৱা হয়। 

পিছত দুপৰীয়া নাম-কীৰ্তন, উপবিত আৰু হোম যজ্ঞৰে সম্পন্ন হয় এই অনুষ্ঠান। উল্লেখ্য যে, প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ভোমোৰাগুৰি গাঁওৰ এই সমূহীয়া উপনয়ন অনুষ্ঠানৰ পৰম্পৰা প্ৰায় দুশ বছৰ পুৰণি৷ জাতি-বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ একগোট হৈ বৈদিক পৰম্পৰাৰে ঈশ্বৰৰ নাম, গুনানুকীৰ্তন কৰি অনুষ্ঠিত কৰা সমূহীয়া উপনয়ন অনুষ্ঠানটিয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়৷