দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ দুৰ্ঘটনা প্ৰতিৰোধ আৰু যান-বাহন চলাচল আইন ভংগ কৰা একাংশ চালকক নাকী লগোৱাৰ উদ্দেশ্যে নলবাৰী জিলাৰ পৰিবহণ তথা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাৰ নেতৃত্বত বিশেষ তৎপৰতা বহন কৰাৰ সময়তে বুধবাৰে ঘগ্ৰাপাৰত আকস্মিকভাৱে অভিযান চলাই কেবাখনো বাছচালকৰ বিৰুদ্ধে জৰিমনা বিহে৷   

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ঘগ্ৰাপাৰ ঘাইপথৰ চকতো এটি ব্যস্ততাপৰ্ণ পথ হিচাপে বিবেচিত হৈছে। এই চকতো বিভিন্ন প্ৰান্তৰ যাত্ৰীয়ে বাছত উঠা-নমা কৰা উপৰিও পথটোৰে বিভিন্ন প্ৰান্তত কলেজ, বিদ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ পথচাৰীয়ে পাৰাপাৰ হৈ আছে৷ 

এই হাইৱে চকতোৰ সংযোগী অন্য দুটা অতি ব‍্যস্ত পথ ঘগ্ৰাপাৰ ষ্টেচন পথ আৰু ঘগ্ৰাপাৰ-তামুলপুৰ পথ। এই দুয়োটা পথদুয়োটাৰেও ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু  যথেষ্ট লোকৰ চলাচল হয়৷ আজি কিছুদিনৰপৰা ৩১ নং ৰাট্ৰীয় ঘাইপথতোৰ ঘগ্ৰাপাৰ হাইৱে চকত একাংশ বাছ চালকে টেফ্ৰিক আইন উলংঘা কৰি নিৰ্দিষ্ট স্থানত গাড়ীসমুহ ৰখাৰ ব‍্যৱস্থা নকৰি নিজৰ মইমতালিৰে চাৰিচকৰ ওপৰতে বাছ বা অন্য বাহন ৰাখি অহি যান জটৰ সৃষ্টি কৰি আহিছে।  

আজি আকস্মিকভাৱে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী সহযোগত টেফ্ৰিক আৰক্ষীয়ে প্ৰতিদিনে যানবাহন আইন ভংগ কৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ছাত্র-ছাত্রী, পথচাৰী তথা ৰাইজক ভীতিগ্ৰস্ত কৰা কেবাখনো বাছ চালকৰ বিৰুদ্ধে জৰিমনা আদায় কৰে। উল্লেখ‍্য‍ যে, বিগত দিনত একাংশ উদণ্ড চালকে বেপৰোৱাভাৱে যান-বাহন চলাচলৰ নিয়ম নীতি উলংঘা কৰি অনিয়ন্ত্ৰিতভাবে গাড়ী চলোৱাত শিক্ষাৰ্থীৰ লগতে সাধাৰণ পথচাৰী উক্তস্থানতে দুৰ্ঘটনাত মৃত্যুবৰন কৰা লগতে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ 

এই সন্দৰ্ভত বিগত দিনত সচেতন ৰাইজে ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াক অৱগত কৰিছিল৷ ইতিমধ্যে ৰাইজৰ সমস্যাক গুৰুত্ব দি যান-বাহন পৰিদৰ্শকৰ দ্বাৰা যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিগত দিনত ঘগ্ৰাপাৰৰ কেইবাটাও উপপথত আকস্মিক অভিযান চক্ৰ বিষয়া জোনটি ডেকাই চলাইছে৷ অভিযান কালত নথিপত্ৰ বিহীন বহুকেইখন গাড়ী জব্দ কৰি ঘগ্ৰাপাৰ থানাক চমজাই দিয়া বুলি জানিব পৰা গৈছে৷ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া,আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া গৰাকীৰ এনে পদক্ষেপক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতেও অব্যাহত ৰখাৰ বাবে আহ্বান জনাইছে৷