05
Jul
2019
নতুন দিল্লীঃ আকৌ এবাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল স্বৰ্ণ কন্যা হিমা দাসে৷
ভাৰতৰ তাৰকা এথলেটিক অসম কন্যা হিমা দাসে আকৌ এবাৰ দেশলৈ কঢ়িয়াই আনিছে সন্মান। পিঠিৰ বিষ নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছে ধিং এক্সপ্ৰেছ খ্যাত হিমাই।
হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্ছ স্কৰ ২৩.১০ ছেকেণ্ড আৰু টুৰ্ণামেণ্টত তেওঁ স্বৰ্ণজয় কৰোতে গতিবেগ আছিল ২৩.৬৫ ছেকেণ্ড।