উজ্জ্বল চৌধুৰী, লিডুঃ ৰাজ্যত বান বিভীষিকাৰ ভয়াৱহ পৰিস্থিতি৷ বিভিন্ন ঠাইত বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি৷ উজনি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ৷ নিতৌ নন স্থানলৈ সম্প্ৰহাৰিত হৈছে বান৷ বিপদসীমা উপৰেৰে বৈছে নৈ-উপনৈ সমূহ৷ বানত উটি গৈছে ধন সম্পতি সকলো৷ চৰম দুদৰ্শাৰ মাজত ৰাজ্যৰ বানাক্ৰান্ত ৰাইজ৷
এমুঠি অন্ন-বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িত ৰাইজ৷ সাহাৰ্য্যৰ বাবে চৌদেশে এতিয়া বিভিন্ন দলসংগঠনৰ লগতে শিল্পীসমাজে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে৷
মাৰ্ঘেৰিটাত বিধায়ক ভাষ্কৰ শৰ্মাৰ ফেনচ্ ক্লাবে বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে৷ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বিজেপিৰ এইসকল সক্ৰিয় সদস্যই বিভিন্ন শ্ৰেনী ৰাইজৰপৰা বান সাহাৰ্য সংগ্ৰহ কৰি বানাক্ৰান্ত ৰাইজৰ প্ৰতি সহানুভুতি প্ৰদৰ্শন কৰা পৰিলক্ষিত হ’ল৷ বিপদৰ বন্ধুহে আচল বন্ধু এই বাক্যফাঁকি সঁচা অৰ্থত প্ৰমান কৰি বিভায়ক ভাষ্কৰ শৰ্মাৰ ফেনচ্ ক্লাবে এই দুৰ্যোগময় সময়ত বানাক্ৰান্ত ৰাইজৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা দৃশ্যই সকলোকে অনুপ্ৰাণিত কৰিছে৷
উল্লেখ্য যে, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাই সাহাৰ্য্য পুঁজিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়াম বুলি ঘোষণা কৰি মানৱতাৰ এক মহান নিদৰ্শন দাঙি ধৰিলে৷ বিধায়ক গৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা জ্ঞাপন কৰিছে৷