দৰঙৰ দলগাৱঁৰ বাগিছাকাষ গাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ

দলগাওঁঃ দৰঙৰ দলগাঁৱৰ বাগিছাকাষ গাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱক জন বাগিছাকাষ গাঁৱৰ জাকিৰ হুছেইন (৩১) বুলি চিনাক্ত হৈছে ।
জানিব পৰা মতে যুৱকজনে বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ গৈ সতীৰ্থ বন্ধুৰ সৈতে পুখুৰীটোত নামিছিল ।
দুটা সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷