ভয়ংকৰ মূল্যবৃদ্ধি, দ্ৰুত গতিত বাঢ়ি অহা সামাজিক বৈষম্য— অস্থিৰতা, নিবনুৱা সমস্যা, জলবায়ু পৰিবৰ্তনৰ অমোঘ পৰিণতিৰূপে খৰাং আৰু উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰা পৰিবেশৰ মাজত সেই সকল ব্যক্তিৰ অৱদানকহে স্মৰণ কৰিবলৈ মন যায়, যিসকল ব্যক্তিৰ কাম কাজে নতুন বাট দেখুৱাব পাৰে। সংসাৰ-পীড়াৰ উপলব্ধিয়ে এই কথা অহৰহ সোঁৱৰাই থাকে যে নিৰ্ভীক আৰু অবিচলিত ভাৱে ৰাষ্ট্ৰযন্ত্ৰৰ শক্তিশালী হাতোৰাৰ সন্মুখত থিয় হৈ সমতাৰে পূৰ্ণ এক সুষম সমাজ তৈয়াৰ কৰি লোৱা সহজ নহয়।  

অন্তৰ্সংস্কৃতিৰ নিজস্ব সংজ্ঞা আছে। সেই সংজ্ঞা অনুসৰি এই সংস্কৃতি বাহিৰৰ সংস্কৃতিৰ  সৈতে অহৰহ দন্দ্বত থাকে। পুঁজিবাদৰ শেহতীয়া ভয়ংকৰ ৰূপ আমি সকলোৱে দেখিছোঁ। তাৰ সংস্কৰণ দুটা— এটা সূক্ষ্ম আৰু আনটো দৈত্যকায়। সূক্ষ্ম সংস্কৰণে মানৱীয় অনুভূতিসমূহক এটা পৰ্যায়লৈকে উমলি জামলি থাকিবলৈ থাকিব সহায় কৰি দিয়ে। আনটো সংস্কৰণে এই অনুভূতিসমূহক কলিতে মৰহি যোৱাৰ সকলো প্ৰস্তুতি পূৰ্বতেই তৈয়াৰ কৰি ৰাখে। 

গছ-গছনিৰ প্ৰতি ভালপোৱা আৰু সেউজীয়া অৰণ্যই মনত সৃষ্টি কৰা প্ৰশান্তি চহৰীয়া মানুহে বিচাৰে। কিন্তু, আন্তঃগাথঁনিৰ উন্নয়নৰ নামত যেতিয়া ৰাষ্ট্ৰই শতাধিক গছ-গছনি ৰাতিতোৰ ভিতৰতে কাটি পেলায়, তেতিয়া চহৰবাসীক সংগঠিত ৰূপত তাৰ বিৰুদ্ধে দেখা নেযায়। অত্যাধুনিক বাহনত উঠি ৰিজৰ্টত থকা কেইডালমান গছৰ তলত বহিবলৈ এই সকল লোক প্ৰস্তুত থাকে। কিন্তু প্ৰতিখন চহৰত গছ-গছনি কাটি বাট বহলোৱা বা অট্টালিকা যেতিয়া নিৰ্মাণ কৰা হয়, সেয়া এক গ্ৰহণযোগ্য উপাদান বুলিয়ে পুঁজিবাদে সকলোকে ভবাৰ এক থলী নিৰ্মাণ কৰি দিয়ে। বিশাল বিশাল জলাশয় নিমিষতে পুতি পেলোৱাৰ যি প্ৰক্ৰিয়া, সেয়া পুঁজিবাদৰ এক স্থূল ৰূপ। এই গোটেই পৰিবেশৰ মাজতেই বিষ্ণু ৰাভা অধ্যয়নৰ প্ৰাসংগিকতা যেন লুকাই আছে। 

বিষ্ণু ৰাভাই সেই সময়ৰ দুৰাৰোগ্য কেঞ্চাৰত ভুগি ১৯৬৯ চনৰ ২০ জুনৰ নিশা  দুই বাজি দহ মিনিটত পৃথিৱীক বিদায় জনালে। নিজৰ জীৱন দশাতে তেওঁ সকলো অসমীয়া মানুহৰ শ্ৰদ্ধা আৰু মৰম অৰ্জন কৰিছিল। জনজাতীয় সমাজৰ সৈতে তেওঁৰ অন্তৰংগতা আছিল গভীৰ। ১৯৪৮ চনৰ ডিচেম্বৰ মাহত নগা পাহাৰৰ মোককচাঙত অনুষ্ঠিত নগা ছাত্ৰ সন্মিলনীত অংশগ্ৰহণ কৰিবলৈ তেওঁ চল্লিছ মাইল খোজকাঢ়ি গৈছিল। প্ৰায় সেই সময়তে মণিপুৰৰ সৈতে তেওঁৰ অন্তৰংগ সম্পৰ্ক স্থাপন হৈছিল। কমিউনিষ্ট আদৰ্শৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল দেশে  স্বাধীনতা লাভ কৰাৰ ওচৰ-পাজৰৰে পৰা। 

১৯৪৭ চনত অবিভক্ত বংগ দেশৰ বীৰ ভূমত সৰ্বভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সন্মিলনত তেওঁ অসমৰ পৰা প্ৰতিনিধি হিচাপে গৈছিল। এই গণসমাৱেশত তেওঁ সভাপতিত্ব কৰিছিল বুলি জনা যায়।  ইয়াতেই বিখ্যাত বিপ্লৱী পান্নালাল দাশগুপ্ত এই দলৰ প্ৰধান সম্পাদক নিৰ্বাচিত হৈছিল। ইয়াতেই এই দলে সশস্ত্ৰ বিপ্লৱৰ আঁচনি ঘোষণা কৰিছিল। বিপ্লৱী কমিউনিষ্ট পাৰ্টিয়ে খোৱাঙত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল। ইয়াতে অসমক দুটা ভাগত ভাগ কৰি মুক্ত এলেকা কৰাৰ সিদ্ধান্ত লৈছিল। ৰাভা আছিল উত্তৰ কামৰূপ আৰু গোৱালপাৰাক লৈ গঠিত কৰা জ'নৰ কামাণ্ডাৰ। কাৰ্বি জাতিৰ সুসন্তান চত্ৰসিং টেৰণ পূব অসমৰ কামাণ্ডাৰ হৈছিল। হেডকোৱাৰ্টাৰ আছিল বেলতলা মৌজাৰ বুঢ়াগোহাঁই পাহাৰত। 

লাহে লাহে এই বিপ্লৱৰ তীব্ৰতা বাঢ়ি আহিছিল আৰু ১৯৫১ চনত গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে অসমক অশান্ত অঞ্চল ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত ১৯৫৬ চনত এই দল কমিউনিষ্ট পাৰ্টিৰ সৈতে চামিল হ'ল। ইয়াৰ পূৰ্বে ১৯৫২ ৰ ১৬ জুন তাৰিখে দতমা অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত বিষ্ণু ৰাভা পুলিচৰ হাতত ধৰা পৰিছিল। অৱধাৰিতভাৱে তেওঁৰ হৈছিল জে'ল। ১৯৬২ চনত ভাৰত চৰকাৰে চীনা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ কৰিছিল। 

ৰাভাৰ ৰাজনৈতিক পৰিক্ৰমাৰ দৰ্শন আছিল স্পষ্ট। কাৰ্ল মাৰ্ক্স, লেলিন আৰু ট্ৰটস্কিৰ আদৰ্শৰে তেওঁ সমাজ সংগঠনৰ সপোন দেখিছিল। এই সপোন আছিল অতি স্পষ্ট ৰূপ ৰেখাৰে তৈয়াৰী। কল্পনাৰ পৃথিৱীত অসাধাৰণ প্ৰতিভাৰ স্বাক্ষৰ ৰখা শিল্পী বিষ্ণু ৰাভাই অতি স্পষ্টকৈ নিজৰ ৰাজনৈতিক আদৰ্শক ব্যক্ত কৰিছিলঃ "সমাজতন্ত্ৰবাদ হ'লে ৰাইজৰ হাতত চৰকাৰ, কাৰখানা আৰু বিজ্ঞান আহিব।" 

জাতীয়তাবাদ আৰু পুঁজিবাদৰ সম্পৰ্ক সম্পৰ্কেও তেওঁৰ স্পষ্ট ধাৰণা আছিল। কি কাৰণে অসমৰ ৩০ লাখ ট্ৰাইবেলৰ সুখ শান্তি কল্যাণ ৰূপনাথ ব্ৰহ্মৰ দৰে সাধু আৰু সুপুৰুষেও কৰিব পৰা নাই, তাৰ কাৰণ তেওঁ অতি নিয়াৰিকৈ চিহ্নিত কৰিছিল। পুঁজিবাদৰ সমৰ্থনত প্ৰস্তুত হোৱা আইনকেই তেওঁ দায়ী কৰিছিল। ৰাভাই বিপ্লৱী কমিউনিষ্ট দলৰ সশস্ত্ৰ পন্থাক এৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাজ পৰিবৰ্তনৰ বাবে শেষৰ ফাললৈ গভীৰ ভাৱে চিন্তা চৰ্চা কৰিছিল। ইয়াৰ বাবে তেওঁ বিধান সভাত কৰা প্রতিদ্বন্দিতাৰ কথা কথাটোক ভাবিব পৰা যায়। ১৯৫৭ চনৰ নিৰ্বাচনত ৰাভাই ৰঙিয়াৰ পৰা ট্ৰাইবেল প্ৰাৰ্থী হিচাপে কমিউনিষ্ট পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বহন কৰিছিল। কিন্তু তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰি তেওঁ অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। 

ৰাভাই স্বাধীনতা সংগ্ৰামৰ ঢৌ, স্বাধীনতাৰ মোহ ভংগ, সশস্ত্ৰ বিপ্লৱ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ  সামাজিক চেতনাৰ পৰিবৰ্তন— এই কেউটা কথাই দেখিছিল। এই অভিজ্ঞতা আৰু পৰিবৰ্তন বোৰে তেওঁৰ মনৰ মাজত কি গভীৰ প্ৰভাৱ পেলাইছিল, সেয়া তেওঁৰ ৰচনাৰাজীৰ ছত্ৰে ছত্ৰে আছে। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিষ্ণু ৰাভাই ষ্টেলিন আৰু ট্ৰটস্কিৰ মতান্তৰৰ কাৰণ আৰু পৰিৰেখাও অসমীয়া মানুহৰ বাবে এজন প্ৰকৃত বিপ্লৱীৰ দৰে আমাক জনাই গ'ল। ট্ৰটস্কি প্ৰসংগত বিষ্ণু ৰাভাৰ উপলব্ধি অন্তৰ্দৃষ্টি সম্পন্ন আৰু প্ৰাসংগিক: "ট্ৰটস্কি যে থাকিব নোৱাৰিলে, কৃষক শ্ৰমিকৰ দুৱাৰে দুৱাৰে গ'ল, ক'লে— এনেকে মনে মনে থাকি মাৰ খাব আমি নোৱাৰো। আজি গোটেই পৃথিৱীত বিপ্লৱ জগাই তুলিব নোৱাৰিলে আমাৰ সংকীৰ্ণ মতবাদৰ অপমৃত্যু হব। এই মুহূৰ্তে জঁপিয়াই পৰিবৰ অপূৰ্ব সুযোগ। 

ট্ৰটস্কিৰ জ্বলাময়ী বক্তৃতা লক্ষ্য লক্ষ্য কণ্ঠ ধ্বনিত হ'ল। আমি বিশ্ব-বিপ্লৱ বিচাৰো। "বিষ্ণু ৰাভাই ওৰে জীৱন কৃষক বনুৱাৰ সমস্যাৰ কথা কৈ গ'ল আৰু তেওঁলোকক কষ্টৰ পৰা উদ্ধাৰ পাবৰ কাৰণে বিপ্লৱৰ বাট দেখুৱাই গ'ল। পুঁজিবাদৰ অন্যতম প্ৰতীক কাৰখানাত কিদৰে মানুহৰ আত্মা নিষ্পেষিত হয় আৰু অসহায় মানুহে কেনেদৰে থাকিব লগাত পৰে, তাৰ নিৰ্মম ছবিখন ৰাভাই অসমীয়া মানুহৰ বিবেক জোঁকাৰি যোৱাকৈ লিখি থৈ গৈছে তেওঁৰ গান আৰু কবিতাতঃ 

"কাৰখানাৰে ছিটিৰ হুমুনিয়া; 
কলৰ ঘৰঘৰণি বুকু কঁপোৱা;
 শুনি শুনি কাঁহৰ মাত কঠুৱা;
    —কান্দে দুখীয়া বনুৱা।
শুদা মজিয়াত অকলশৰীয়া
 বিনায় কোলাত হিয়া লগৰীয়া, 
পুৱাই লঘোণ, ভাত নাইকিয়া;
    —কান্দে দুখীয়া বনুৱা।
অসহ জীৱন উটি ভাহি যোৱা
 ভগা ছিগা মানৱী আমঠু হিয়া
 শ্ৰম কৰিও খাবলই নোহোৱা
 আলই বিলই হোৱা হজুৱা,
—কান্দে দুখীয়া বনুৱা।

বিষ্ণু ৰাভাৰ জীৱন আৰু দৰ্শন সম্পৰ্কে মূল্যায়ন কৰা সহজ নহয়। পঢ়া শুনাত মেধাৱী ছাত্ৰ বিষ্ণু ৰাভাই বিপ্লৱী কাৰ্য্যৰ সৈতে জড়িত হৈ থকা বাবে তেওঁ আনুষ্ঠানিক পঢ়া শুনা সম্পূৰ্ণ কৰিব পৰা নাছিল। বিষ্ণু ৰাভাৰ আগ্ৰহ আৰু কৌতূহল বহু দূৰলৈকে বিয়পা। তাৰ লগত সংযোগ হৈছিল তেওঁৰ প্ৰতিষ্ঠান বিৰোধী মনোভাব আৰু ১৯২০, ৩০ আৰু ৪০ ৰ দশকত  সমগ্ৰ দেশজুৰী দেখা দিয়া সাম্ৰাজ্যবাদ বিৰোধী মনোভাৱ। এইবোৰে বিষ্ণু ৰাভাক এক বিশেষ গতি প্ৰদান কৰিছিল। সেইবাবে তেওঁ লিখিব পৰিছিলঃ
 
"ৰাজ্যে আছে দুইটি পাঠা 
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মংগল চাও 
দুইটি পাঠা বলি দাও।" 

আৱেগ প্ৰৱণ মানু্হজন সংস্কৃতিৰ পূজাৰী আছিল আৰু তেওঁ এই সংস্কৃতিৰ মাজত অন্তৰ্নিহিত হৈ থকা পৰিবৰ্তনৰ শক্তিক বুজি উঠিব পৰিছিল। ১৯৪৬ চনত তেওঁ লিখা 'অসমীয়া কৃষ্টি' নামৰ ৰচনাখনৰ (দৰাচলতে এটা বক্তৃতা) প্ৰাসংগিকতা অসমীয়া মননত ৰৈ গৈছে। অসমীয়া কৃষ্টিৰ বিভিন্ন দিশ এই ৰচনাত তেওঁ সামৰি লৈছে। ভাবি ভাল লাগে যে সেই সময়তে বিষ্ণু ৰাভাই ৰন্ধন শিল্পক কৃষ্টিৰ অংগ কৰি লৈছিল। 

টি এছ এলিয়টে Notes Towards the Definition of Culture-ত ইংৰাজ সংস্কৃতিৰ অৱক্ষয়ৰ এটা কাৰণ ৰূপে ৰন্ধন শিল্পৰ অৱক্ষয়ক সম্পৰ্কিত কৰিছে।  মানুহ দুজনা বিপৰীত : কিন্তু ৰাভা আৰু এলিয়টৰ দুয়োটা চিন্তাই প্ৰায় ওচৰৰ। এই ৰচনাত তেওঁ অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ অৱদান সমূহক সুকীয়া সুকীয়াকৈ তুলি আনিছে। তেওঁ ইয়াত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছেঃ "এই কুৰি শতিকাত সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকতাৰ বিজয় বৈজয়ন্তীৰ যি ধ্বজা উৰিছে, সেই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া, দুখীয়া, হজুৱা,বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে এই অসমীয়া জাতিও মৰিব। লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা।" 

বজাৰ আৰু পথাৰ থলুৱা অসমীয়া মানুহৰ পৰা যি দ্ৰুত গতিত আজি আঁতৰি গৈছে, তাৰ পৰিপ্ৰেক্ষিতত বিষ্ণু ৰাভাৰ এই প্ৰশ্ন আৰু উপলব্ধি অতি দূৰদৰ্শী। ইয়াৰ পৰা ৰক্ষা পাবলৈ তেওঁ মুক্তিৰ কথা কৈছে। বিষ্ণু ৰাভাৰ বাবে সত্যই মুক্তি ; মহাত্মা গান্ধীৰ বাবে যিদৰে  সত্যই ঈশ্বৰ। বিষ্ণু ৰাভাই এই সত্যক মানুহৰ ওপৰতে আয়োগ কৰিছে। সেইবাবে তেওঁ স্পষ্টকৈ ক'ব পাৰিছে: "সত্য হৈছে মানুহেই সত্য। সেই সত্যৰ মাজৰ শ্ৰেণীভেদ নাই, আছে সাম্য।" 

জাতি গঠন প্ৰক্ৰিয়া যে পাৰস্পৰিক সন্মান আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠিত হলেহে এই প্ৰক্ৰিয়া বৰ্তি থাকে, সেয়া বিষ্ণু ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেইবাবে তেওঁৰ কল্পনা প্ৰৱণ মনটোৱে শিল্প কলাৰ মাজত জীৱনৰ বোৱতী সুঁতিৰ এটা ধাৰা আৱিষ্কাৰ কৰিছিল। কাৰণ নৃত্যকলা , অভিনয় আদিত সমতাৰ প্ৰসংগ থাকে । মনৰ উদ্দাম গতিৰ সন্মুখত বৈষম্যৰ সকলো কথা বতৰা চাৰখাৰ হৈ পৰে। অসম বুৰঞ্জীত নতুনকৈ আলোকপাত কৰাৰ বিষ্ণু ৰাভাৰ যি প্ৰয়াস, তেওঁৰ কলা প্ৰেম আৰু জনগোষ্ঠীয় সমাজৰ সৈতে তেওঁৰ আন্তৰিক সংযোগ— এই সকলোবোৰ সমতাৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগৰ সৈতে সম্পৰ্কিত। 

গণসংস্কৃতিৰ এটা আৰ্হি বিষ্ণু ৰাভাই আমাৰ বাবে দি গ'ল। একবিংশ শতিকাৰ পুঁজিবাদৰ বিভিন্ন কৌশলী আৰু নিৰন্তৰ অভিঘাতসমূহৰ সন্মুখত বিষ্ণু ৰাভাৰ আদৰ্শ কিমানে গ্ৰহণ কৰিব পাৰিব আৰু সেই আদৰ্শৰ বাটেৰে আগুৱাই যাব, সেয়া কোৱা টান। তেওঁৰ গানৰ সজীৱতা যেনে, উটি যা উটি যা ৰূপালী নাওঁ, পৰজনমৰ শুভ লগনত, বিশ্বৰ ছন্দে ছন্দে, সুৰৰে দেউলৰে, নাহৰ ফুল নুশুৱাই আদিৰ সমান্তৰলভাৱে ৰৈ যাব ব'ল ব'ল ব'ল কৃষক শক্তি দল/অ' বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল আদিৰ অন্তহীন প্ৰেৰণা। 

আধুনিক ভাৰতৰ ৰাজনৈতিক ইতিহাস আৰু ৰাজনৈতিক চেতনা, মেক্সিম গৰ্কীৰ ভাষাত "তল খুপৰীৰ মানুহ"ৰ দৃষ্টিৰে লিখিবলৈ গ’লে বিষ্ণু ৰাভাৰ চেতনা আৰু গণ সংযোগে আমাক বিশেষ প্ৰেৰণা আৰু অন্তৰ্দৃষ্টি প্ৰদান কৰিব। কিদৰে বংগ দেশৰ বাসিন্দা আৰু অসমৰ বাসিন্দাই অহৰহ ভাষিক আৰু সাংস্কৃতিক ঠেলা হেঁচাৰ মাজতো সাম্য, মৈত্ৰী আৰু স্বাধীনতা— এই ত্ৰিবিধ আদৰ্শৰে জ্যোতিস্নান হৈছিল, সেয়া আমাক সোঁৱৰাই যাব। ভাৰতীয় চেতনা তেওঁৰ মনত অহৰহ ৰৈছিল। সেইবাবে স্বৰ্গৰ আশীষ , কলি কালৰ বিপৰ্য্যয়, তমুহৰ দেৱ আদি ধাৰণাই তেওঁৰ মনত অগা দেৱা কৰি থাকিছিল। কিন্তু তেওঁৰ জীৱনৰ শেষ উপলব্ধি আছিল সেই সময়ৰ স্বাধীন ভাৰতৰ উৰিষ্যাৰ গঞ্জাম জিলাৰ বৰ্হমপুৰ জেলত লিখা  শাৰীবোৰঃ "তেজৰ বোলেৰে লিখি যাম ইতিহাস/মচি যাম দীন সমাজৰ হীন পৰিহাস/গাম পীড়িতৰ চিৰবিজয়ৰ গান/ফিৰাই আনিম দলিতৰ সন্মান।"


• কেবা দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত জ্যোতি খাটনিয়াৰ এগৰাকী চিন্তাশীল লেখক।