ভাৰতত সন্ত, বাবা, ধৰ্মগুৰুৰ কোনো অভাৱ নাই। কোনো যদি পাংখা বাবা, আন কোনোৱে আকৌ নিজকে ঘোষণা কৰে স্বয়ং ঈশ্বৰ বুলি। ১৪০ কোটি ভাৰতীয়ৰ ধৰ্মীয় আস্থাৰ সুযোগ লৈ ধন আৰু সমৰ্থন গোটোৱাৰ এক তেনেই উজু উপায় হৈছে এই সন্ত, ধৰ্মগুৰু, বাবা। মঙলবাৰে উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত অতি হৃদয় বিদাৰক সেই ঘটনাৰ পিছত এতিয়া চৰ্চালৈ আহিছে তেনেই এগৰাকী বাবাৰ। এসময়ত যৌন নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হোৱা এগৰাকী ধৰ্মগুৰুৰ বাবেই হাথৰছত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ উঠিছে।

বিশ্বাস আৰু আস্থাৰ ভিৰৰ মাজত পদপিষ্ট হৈ মঙলবাৰে উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় এশ জনতকৈও অধিক লোকে। হাথৰছৰ চিকন্দ্ৰৰাও অঞ্চলৰ পুলৰাই গাঁৱত আয়োজিত এক সৎসংগত ভাগ লোৱা হাজাৰ হাজাৰ লোকৰ লৰা-ঢপৰাত এতিয়ালৈকে নিহত হোৱাৰ সংখ্যা ১২২ জনলৈ বৃদ্ধি পোৱা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে। আন শতাধিক লোক এই ঘটনাত আহতও হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিৰোধী নেতা ৰাহুল গান্ধীলৈকে সকলোৱে এই মৰ্মান্তিক ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে।

মঙলবাৰে পুলৰাই গাঁৱত প্ৰায় ৮ বিঘা ভূমিত আয়োজিত এই বিশাল সৎসংগখন আছিল নাৰায়ণ সাকাৰ হৰি নামৰ এগৰাকী কথাবাচকৰ। মানৱ মংগল মিলন সদ্ভাৱনা সমাজ সমিতি নামৰ এটা সংস্থাই মানৱ মংগল মিলন নামেৰে আয়োজন কৰিছিল এই সৎসংগখনিৰ। পুলৰাই গাঁৱৰ প্ৰায় ৮ বিঘা মাটিত সৎসংগৰ বাবে ৮ দিন আগৰে পৰাই তৰা হৈছিল অস্থায়ী ৰভা। হাথৰছৰ বাটে-ঘাটে অঁৰা হৈছিল কথাবাচক নাৰায়ণ সাকাৰ হৰি ওৰফে 'ভোলে বাবা’ ওৰফে বিশ্ব হৰিৰ পোষ্টাৰ। প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ সময়ত আয়োজকে এই সৎসংগত ৮০ হাজাৰ ভক্ত উপস্থিত থাকিব বুলি জনাইছিল যদিও মঙলবাৰৰ দিনটোত উপস্থিত লোকৰ সংখ্যা ইয়াতকৈ বহু বেছি বুলি জানিব পৰা গৈছে। 

মঙলবাৰে বিয়লি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া আটোম-টোকাৰিকৈ সজোৱা সৎসংগৰ ৰভা উভালি পেলাবলৈ লৰা-ঢপৰা লাগিছে। ইফালে আৰক্ষীয়ে ঘটনাৰ পিছত আয়োজকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই তেওঁলোকৰ। জানিব পৰা মতে, এই সৎসংগ আয়োজন কৰিছিল ৬ জন আয়োজকে।

কিদৰে সংঘটিত হ’ল এই ঘটনা?

আৰক্ষীয়ে সদৰী কৰা মতে, সৎসংগৰ পিছত ভোলে বাবা ওৰফে বিশ্ব হৰি ওৰফে নাৰায়ণ সাকাৰ হৰিৰ পদধূলা পাবলৈ উপস্থিত ভক্তসকলৰ মাজত ঠেলা-হেঁচা লাগে আৰু তাৰ পৰিণামস্বৰূপেই পদপিষ্ট হৈ শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। সৎসংগ আয়োজনস্থলীৰ কাষতে থকা হাইৱেৰ সমীপত অধিক সংখ্যক লোকৰ মৃত্যু ঘটা বুলি বাতৰিত প্ৰকাশ পাইছে। প্ৰত্যক্ষদৰ্শীৰ মতে, দিনৰ ভাগত হৈ থকা বৰষুণৰ বাবে ঠাইবোৰ অধিক পিচল হৈ পৰিছিল। যাৰ বাবে এবাৰ বাগৰি পৰাৰ পিছত অনেক লোকেই পুনৰ দুভৰিত থিয় হ’বলৈ সক্ষম নহ’ল। 

অন্যহাতে সৎসংগলৈ অহা-যোৱাৰ বাবে নাৰায়ণ সাকাৰ হৰিৰ বাবে এটা পৃথক পথৰ ব্যৱস্থা কৰা হৈছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছত সেই পথেৰেই প্ৰস্থান কৰে ভোলে বাবাই। প্ৰত্যক্ষদৰ্শীৰ মতে, নাৰায়ণ সাকাৰ হৰি সৎসংগ আয়োজনস্থলীত উপস্থিত থকাৰ সময়তে তেওঁৰ ভক্তসকলৰ মাজত লৰা-ঢপৰাৰ সৃষ্টি হৈছিল যদিও তেওঁ সেয়া উপেক্ষা কৰি একপ্ৰকাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তাৰ পিছৰে পৰা তেওঁ বা তেওঁৰ সৈতে জড়িত কোনো ব্যক্তিয়ে এই ঘটনাক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই।

লাখ লাখ ভক্তৰ আস্থাৰে 'ভগৱান’ হৈ পৰা নাৰায়ণ সাকাৰ হৰিৰ এনে আচৰণ আৰু তেওঁৰ পূৰ্বৰ জীৱনক লৈ এতিয়া সেয়ে চৰ্চা চলিছে। ভক্তৰ পৰা পোনপটীয়াকৈ কোনো ধৰণৰ দান-দক্ষিণা নোলোৱাকৈ কেইবাখনো আশ্ৰম খুলি ঈশ্বৰৰ বাণী বিলাই ফুৰা এইগৰাকী ভোলে বাবা ওৰফে নাৰায়ণ সাকাৰ হৰি ওৰফে বিশ্ব হৰিৰ অতীত জীৱনে বহুতকে আজি স্তম্ভিত কৰিছে।

আৰক্ষীত কনিষ্টবলৰ চাকৰি, নিৰ্যাতনৰ অভিযোগত কাৰাবাস

মচালাদায়ক হিন্দী চিনেমাৰ কাহিনীতকৈ কোনোগুণে কম নহয় নাৰায়ণ সাকাৰ হৰিৰ ব্যক্তিগত জীৱনো। আচলতে তেওঁৰ নাম সুৰজপাল জাটাভ। উত্তৰ প্ৰদেশ আৰক্ষীত কনিষ্টবল হিচাপে কাম কৰাৰ পিছত কাৰাবাস খটালৈকে, আৰু তাৰ পিছত শুভ্ৰ সাজ পৰিধান কৰি লাখ লাখ ধাৰ্মিকৰ আস্থা জয় কৰি ভোলে বাবা হিচাপে পৰিচিত হোৱালৈকে এক দীঘলীয়া পৰিক্ৰমা আছে নাৰায়ণ সাকাৰ হৰি ওৰফে সুৰজপাল জাটাভৰ।

উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ পৰা বিচ্ছিন্ন কাছগঞ্জ জিলাৰ পাটিয়ালিৰ বাহাদুৰপুৰ গাঁৱৰ বাসিন্দা আছিল সুৰজপাল জাটাভ। উত্তৰ প্ৰদেশ আৰক্ষীত নিযুক্তি লাভৰ প্ৰাৰম্ভিক দিনকেইটাত তেওঁ স্থানীয় চোৰাংচোৱা ইউনিট (এল আই ইউ)ত নিযুক্ত আছিল। কিন্তু আজিৰ পৰা প্ৰায় ২৮ বছৰ পূৰ্বে এক নিৰ্যাতনৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতে চাকৰি হেৰুৱাবলগীয়া হয় সুৰজপালে। 

নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈ চাকৰিৰ পৰা নিলম্বিত হোৱাৰ বাবে সুৰজপাল জাটাভক আৰক্ষী সেৱাৰ পৰা বৰ্খাস্ত কৰা হয়। কিন্তু ইয়াৰ পূৰ্বে সুৰজপাল জাটাভে প্ৰায় ১৮ খন থানা আৰু স্থানীয় চোৰাংচোৱা ইউনিটত সেৱা আগবঢ়াইছিল। ইটাৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে কয় যে সুৰজপাল জাটাভ নিৰ্যাতনৰ গোচৰত দীৰ্ঘদিন ইটাহ জেলত বন্দী হৈ আছিল আৰু জেলৰ পৰা মুক্তি পোৱাৰ পিছতে সুৰজপাল বাবাৰ ৰূপত তেওঁ ৰাইজৰ সন্মুখলৈ ওলাই আহে।

আৰক্ষীৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত

আৰক্ষী সেৱাৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত এই বৰ্খাস্তৰ বিৰোধিতাৰে আদালতৰ কাষ চাপে সুৰজপাল। আদালতৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীৰ চাকৰিটো পুনৰ ঘূৰাই পায় যদিও ২০০২ চনত আগ্ৰা জিলাৰ পৰা ভি আৰ এছ লয়।

আৰক্ষী সেৱাৰ পৰা মুক্তি পোৱাৰ পিছত সুৰজপাল জাটাভে নিজৰ গাঁও নগলা বাহাদুৰপুৰত উপস্থিত হয় আৰু তাতে কিছুদিন থকাৰ পিছত ভগৱানৰ সৈতে তেওঁ যোগাযোগ কৰিব পাৰে বুলি দাবী কৰি ভোলে বাবা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ দিশত কাম আৰম্ভ কৰে।

ধাৰ্মিক জনতাৰ মাজত নিজকে ঈশ্বৰৰ দূত বুলি প্ৰমাণ কৰিবলৈ সুৰজপাল জাটাভক প্ৰয়োজন হয় মাত্ৰ কেইটামান বছৰৰ। এই কম সময়ৰ ভিতৰতে ভক্তৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰে। ভক্তসকলে তেওঁক বিভিন্ন নামেৰে সম্বোধন কৰিবলৈ আৰম্ভ কৰাৰ লগতে তেওঁৰ নামত ডাঙৰ ডাঙৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। সময়ৰ লগে লগে এনে অনুষ্ঠানত অংশ লোৱা ভক্তৰ সংখ্যা কেইবা হাজাৰলৈ বৃদ্ধি হৈ পৰে।

ইটাৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে জনোৱা মতে, ৭৫ বৰ্ষীয় সুৰজপাল ওৰফে ভোলে বাবাৰ তিনিজন ভাতৃ আছে। তিনি ভাতৃৰ ভিতৰত জ্যেষ্ঠ সুৰজপাল। তেওঁৰ দ্বিতীয় ভাতৃ ভগৱান দাসৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু কনিষ্ঠ ভাতৃ ৰাকেশ কুমাৰ পূৰ্বে এগৰাকী গাঁও প্ৰধান আছিল। জানিব পৰা মতে, এতিয়া জন্মগাঁৱৰ সৈতে খুব কম সম্পৰ্ক বজাই ৰাখে সুৰজপাল জাটাভ ওৰফে ভোলে বাবাই। 

অৱশ্যে বাহাদুৰপুৰ গাঁৱত তেওঁৰ দাতব্য ন্যাস এতিয়াও সক্ৰিয় হৈ আছে। নাৰায়ণ সাকাৰে সৎসংগত বহুবাৰ দাবী কৰি আহিছে যে চৰকাৰী সেৱাৰ পৰা তেওঁক কোনে ঈশ্বৰৰ আৰাধনালৈ আনিলে তেওঁ নাজানে।

চান্দা আৰু দক্ষিণা অবিহনে বহু আশ্ৰম

আমোদজনক কথাটো হ’ল- নাৰায়ণ সাকাৰে তেওঁৰ ভক্তৰ পৰা কোনো ধৰণৰ দান, দক্ষিণা বা প্ৰসাদ আদি নলয় যদিও ইয়াৰ পিছতো তেওঁৰ বহু আশ্ৰম প্ৰতিষ্ঠা হৈছে। উত্তৰ প্ৰদেশৰ আন বহু ঠাইতো মালিকানাধীন মাটিত আশ্ৰম স্থাপনৰ দাবী উত্থাপন হৈছে।

নাৰায়ণ সাকাৰ হৰিক সৎসংগত সেৱাদাৰ হিচাপে ভক্তক সেৱা কৰা দেখা যায়। ভক্তৰ মাজত জনপ্ৰিয় হ’বলৈ তেওঁ এই সকলোবোৰ চিন্তা-চৰ্চা কৰি কৰাটো একেবাৰে সম্ভৱ। নাৰায়ণ সাকাৰে সদায়েই শুভ্ৰ পোছাক পৰিধান কৰে। পায়জামা, কুৰ্তা, পেণ্ট-চাৰ্ট আৰু কেতিয়াবা শুভ্ৰ চ্যুটতো তেওঁক দেখা পোৱা যায়।

বৰ্তমানৰ আধুনিক যুগত অৱশ্যে ইণ্টাৰনেটত জনপ্ৰিয় নহয় নাৰায়ণ সাকাৰ। কিন্তু তাৰ পৰিৱৰ্তে বাস্তৱত তেওঁৰ ভক্তৰ সংখ্যা কেইবা লাখ বুলি ইতিমধ্যে বহুজনে বহুবাৰ দাবী কৰি আহিছে। তেওঁ আয়োজন কৰা সৎসংগতো হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। 

এনে অনুষ্ঠানত শ শ স্বেচ্ছাসেৱক আৰু কৰ্মীয়ে সেৱাৰ দায়িত্ব লয়। পানী, খাদ্যৰ পৰা আৰম্ভ কৰি যান-বাহনৰ ব্যৱস্থা যাতে সুচাৰুৰূপে চলি থাকে তাৰ বাবেও ভক্ত সমিতিখনে প্ৰচেষ্টা চলায়।

উত্তৰ প্ৰদেশ আৰক্ষী সেৱাৰ পৰা এলেকা বিষয়া হিচাপে অৱসৰ লোৱা ৰামনাথ সিং যাদৱে কয়, "তিনি বছৰ পূৰ্বে ইটাৱাৰ প্ৰদৰ্শনী খেলপথাৰত ভোলে বাবাই এমাহজোৰা সৎসংগ আয়োজন কৰিছিল। ইয়াত বিশৃংখল পৰিৱেশ দেখা গৈছিল। অনুষ্ঠানটোৰ আশে পাশে থকা কলনীত বাস কৰা লোকসকলেও প্ৰশাসনিক কৰ্তৃপক্ষক অনুৰোধ কৰিছিল যে ভৱিষ্যতে বাবাৰ এই কাৰ্যসূচীৰ অনুমতি নিদিয়ে।"

ভক্তৰ দৃষ্টিত বাবা

সাধাৰণ নাগৰিকৰ পৰা নামী দামী ৰাজনীতিবিদ আৰু ব্যৱসায়ীও আছে নাৰায়ণ সাকাৰৰ ভক্তৰ তালিকাত। সমাজবাদী পাৰ্টিৰ নেতা অনৱৰ সিং জাটাভো তেওঁৰ ভক্তসকলৰ ভিতৰত এজন বুলি কোৱা হয়। অনৱৰ সিং জাটাভে ভোলে বাবাৰ ভক্তিত গদগদ হৈ কয় যে বাবাই তেওঁৰ সৎসংগত মানুহৰ মাজত মানৱতাৰ বাৰ্তা বিলায়। তেওঁ কয়, "তেওঁ মানুহক মৰমেৰে জীয়াই থাকিবলৈ আশ্বাস দিয়ে। তেওঁ একত্ৰিত হৈ থাকিবলৈও আহ্বান জনায়।"

অনৱৰ সিং জাটাভৰ মতে, নাৰায়ণ সাকাৰে সৎসংগত মোবাইল ফোন ব্যৱহাৰক সমালোচনা কৰে। জাটাভৰ মতে য’তেই ধৰ্মধ্বনি হয় তাতেই এখন সমিতি গঠন কৰি সেই সমিতিৰ সকলো লোকক দায়িত্ব অৰ্পণ কৰা হয়। সৎসংগ সফলভাৱে পৰিচালনা কৰিবলৈ সমিতিৰ সদস্যসকলে নিজৰ মাজতে চান্দা সংগ্ৰহ কৰি অনুষ্ঠানৰ আয়োজন কৰে।

ইটাৱাত মানৱ মংগল মিলন সেৱা সমিতিৰ বেনাৰত সৎসংগ অনুষ্ঠিত হৈছিল। সমিতিৰ অধ্যক্ষ ৰাজকিশোৰ যাদৱে কয়, ''যেতিয়াই বাবাৰ কোনো সৎসংগ কাৰ্যক্ৰম অনুষ্ঠিত হয় তেতিয়াই তেওঁক ইয়াৰ খবৰ দিয়া হয়। ইয়াৰ পিছতে কমিটিৰ জৰিয়তে অনুষ্ঠানৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হয়।’’