মুম্বাই, ১০ অক্টোবৰঃ প্ৰতিযোগিতাৰ নিগনি দৌৰত কোনেও কাকো পৰোৱাই নকৰা এই দিনতো মানুহজনে ভাবিছিল মানুহৰ কথা। অলেখ প্ৰাচুৰ্যৰ গৰাকী হৈয়ো তেওঁ যাপন কৰিছিল সাধাৰণ জীৱন। যিসময়ত সফলতাৰ শিখৰত আৰোহণ কৰা অধিকাংশই হাজাৰ-বিজাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰে সেই সময়তো তেওঁ হৈ ৰৈছিল সম্পূৰ্ণৰূপে নিষ্কলংক। যি ৮৬টা বছৰ পৃথিৱীত পাৰ কৰিলে, তাৰ সৰহভাগ সময়তে তেওঁ লাভ কৰিছে সকলোৰে সমাদৰ। তেওঁৰ অসুস্থতাৰ খবৰ পোৱা মাত্ৰকে উদ্বিগ্নতাৰে দিন কটাইছিল লক্ষ লক্ষ অনুৰাগীৰ লগতে সমগ্ৰ দেশবাসীয়ে।

অৱশেষত সেই আশংকাই সত্য প্ৰমাণিত হ’ল আজি নিশা প্ৰায় ১১.৩০ বজাত। শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰতীয় উদ্যোগজগতৰ উজ্জ্বল ৰত্ন ৰতন টাটা। বয়সৰ ওচৰতো মুঠেই হাৰ নমনা লোকজনক যেতিয়াই সামাজিক মাধ্যমত বিগত কিছুদিন ধৰি খোজ কাঢ়োতে সামান্য অসুবিধাৰ সন্মুখীন হোৱা দেখিছিল তেতিয়াই উদ্বিগ্ন হৈ পৰিছিল অনুৰাগীসকল। ইয়াৰ পিছতে অসুস্থতাৰ খবৰ লাভ কৰাত অনুৰাগীসকলৰ সেই উদ্বিগ্নতা অধিক হৈ পৰিছিল। তাৰ মাজতেই নিজে ছ’চিয়েল মিডিয়াযোগে সকলোকে আশ্বস্ত কৰি ৰটন টাটাই কৈছিল যে তেওঁ ভালে-কুশলে আছে। জনাইছিল যে বাৰ্ধক্যজনিত কাৰণত ৰুটিন চেকআপৰ বাবেহে তেঁও চিকিৎসালয়লৈ আহিছে। তেওঁক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। এই আশ্বাস পাই অনুৰাগীসকলেও এৰিছিল স্বস্তিৰ নিশ্বাস। কিন্তু বুধবাৰে সন্ধিয়াৰ পিছতে বুজা গৈছিল যে পৰিস্থিতি ইমান এটা ভাল নহয়।

ৰতন টাটাৰ ঘনিষ্ঠ সহযোগীয়ে প্ৰথমে সংবাদ সংস্থা আইএএনএছৰ আগত কয় যে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৰুটিন চেকআপৰ বাবে ৰতন টাটা আহিছিল। কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক সংকটজনক অৱস্থাত 'আইচিইউ’ত ভৰ্তি কৰা হৈছে। টাটা গ্ৰুপৰ সৈতে একাধিক সংবাদ মাধ্যমে এই সম্পৰ্কে যোগাযোগ কৰাত তেওঁলোকে খবৰটো স্বীকাৰ কৰা নাছিল যদিও অস্বীকাৰো কৰা নাছিল। বৃহস্পতিবাৰে এই লৈ টাটা গ্ৰুপৰ পৰা বিবৃতি দিয়া হ’ব বুলিও ঘোষণা কৰা হৈছিল। টাটা গ্ৰুপৰ এই ঘোষণাৰ সময়তে ৰটন টাটাই যে মৃত্যুৰ সৈতে যুঁজি আছে সেই খবৰ সামান্যকৈ আহিবলৈ আৰম্ভ কৰে। আশংকা অনুযায়ীয়েই ৰতন টাটাৰ মৃত্যুৰ সংবাদ আহি পৰে।

১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ এটা পাৰ্ছী পৰিয়ালত জন্ম হৈছিল ৰতন টাটাৰ। পিতৃ নভল টাটাৰ জন্ম গুজৰাটৰ ছুৰাটত। পিছলৈ টাটা পৰিয়ালে অৰ্থাৎ ৰতনজি টাটাই তেওঁক দত্তক হিচাপে লয়। ৰতন টাটাৰ মাতৃ ছুনি টাটা আকৌ পোনপটীয়াকৈ জামছেদজি টাটাৰ পৰিয়ালৰ অংশ। ৰতন টাটাৰ পিতামহ হৰমছজি টাটা জন্মসূত্ৰেই আকৌ আছিল টাটা পৰিয়ালৰ দূৰ সম্পৰ্কীয় সদস্য। ৰতন টাটাৰ যেতিয়া ১০ বছৰ হৈছিল, তেতিয়াই তেওঁৰ মাতৃ আৰু পিতৃৰ বিচ্ছেদ ঘটে। ৰতন টাটাৰ নিজৰ এগৰাকী ভাতৃ আছে। তেওঁৰ নাম জিমি টাটা।

ছুইজাৰলেণ্ডত জন্ম গ্ৰহণ কৰা ছিমন টাটাৰ সৈতে হোৱা পিতৃৰ দ্বিতীয় বিবাহ সূত্ৰে তেওঁৰ সতীয়া ভাতৃ এগৰাকীও আছে। সতীয়া ভাতৃগৰাকীৰ নাম নোয়েল টাটা। মুম্বাই, চিমলা হৈ নিউয়ৰ্কৰ ৰিভাৰডেল কাণ্ট্ৰি স্কুললৈ পঢ়িবলৈ গৈছিল ৰতন টাটা। ১৯৫৯ চনত স্থাপত্য বিদ্যা অধ্যায়নৰ বাবে তেওঁ কৰ্ণেল ইউনিভাৰ্ছিটিত নাম ভৰ্তি কৰে। পৰৱৰ্তী সময়ত টাটা গ্ৰুপৰ মেনেজাৰ স্তৰৰ দায়িত্ব লাভ কৰে ৰতন টাটাই। ১৯৯১ চনত জেআৰডি টাটাই টাটা ছন্সৰ দায়িত্ব ত্যাগ কৰি ৰতন টাটাক নিজৰ উত্তৰাধিকাৰী ঘোষণা কৰে। প্ৰথমে এই লৈ সংস্থাৰ ভিতৰচ’ৰাত কিছু আপত্তি আছিল যদিও পিছলৈ ৰতন টাটাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাবলৈ লয়।

যি সময়ছোৱাত ৰতন টাটাৰ হাতত টাটা গ্ৰুপৰ দায়িত্ব আছিল সেই সময়ছোৱাত সংস্থাটোৰ আয় ৪০ গুণ বৃদ্ধি পায় আৰু লাভ বৃদ্ধি হয় ৫০ গুণ। দেশৰ মধ্যবিত্তক চাৰি চকীয়া গাড়ীৰ গৰাকী হোৱাৰো সপোন দেখুৱাইছিল ৰতন টাটাই। ২০১২ চনত ৭৫ বছৰ বয়সত টাটা গ্ৰুপৰ কাৰ্যনিৰ্বাহকৰ ক্ষমতাৰ পৰা আঁতৰি আহে ৰতন টাটা। সেই ঠাইত পৰিয়ালৰ ঘনিষ্ঠ চাইৰাছ মিস্ত্ৰিক দায়িত্ব দিয়া হয়। ২০১৬ চনত টাটা ছন্সৰ অধ্যক্ষ পদৰ পৰা মিস্ত্ৰীক আঁতৰাই অন্তৱৰ্তীকালীন দায়িত্ব গ্ৰহণ কৰে টাটাই। ইয়াৰ পিছত ২০১৭ চনত নটৰাজন চন্দ্ৰশেখৰণক টাটা ছন্সৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হয়।

বয়সৰ লগে লগে পূৰ্বতকৈয়ো অধিকভাৱে ৰতন টাটাই সমাজসেৱামূলক কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হয় ৰতন টাটা। মহাৰাষ্ট্ৰ, অসম চৰকাৰৰ তৰফৰ পৰাও ৰটন টাটাক বিশেষ সন্মান প্ৰদান কৰা হৈছে। ২০২১ চনত ৰতন টাটাক অসম চৰকাৰে প্ৰদান কৰিছিল অসম বৈভৱ বঁটা। ২০২২ চনৰ ২৮ এপ্ৰিলত ডিব্ৰুগড়ত টাটা গ্ৰুপৰ সহযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্মাণ কৰা কৰ্কট প্ৰতিষ্ঠানৰ মুকলি অনুষ্ঠানত ভাগ ল’বলৈ তেওঁ অসমলৈ আহিছিল। কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অব ইকনমিক্স, আইআইটি বম্বে, য়েল বিশ্ববিদ্যালয়, ৰাণী দ্বিতীয় এলিজাবেথ, ৰজা তৃতীয় চাৰ্লছেও ৰতন টাটাক বিশেষভাৱে সন্মানিত কৰিছে।

ৰতন টাটা আজীৱন অবিবাহিত হৈয়েই ৰয়। অৱশ্যে ২০১১ চনত এক সাক্ষাৎকাৰত তেওঁৰ জীৱনলৈও প্ৰেম অহাৰ কথা স্বীকাৰ কৰিছিল। চাৰিবাৰকৈ বিয়াৰ যো-জা চলিছিল যদিও শেষত বিয়া কৰোৱা হৈ নুঠিল বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল ৰতন টাটাই। বৈবাহিক সম্পৰ্কত আৱদ্ধ নহ’লেও কোটি কোটি মানুহৰ ভালপোৱা আৰু আশীৰ্বাদেৰে মহীয়ান হৈ পৰিছিল ধনৰ লগতে মনেৰেও ধনী ৰতন টাটাৰ জীৱন। ৰতন টাটাৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰি দেশে এগৰাকী অমূল্য ৰত্ন হেৰুৱালে বুলি মন্তব্য কৰিছে।