বাংগালুৰুঃ ২০ বছৰ পূৰ্বৰ ইতিহাসৰ পুনৰাবৃত্তি কৰাত ব্যৰ্থ হ’ল ৰোহিত শৰ্মা বাহিনী। আশংকা কৰা ধৰণেই নিউজিলেণ্ডৰ হাতত ঘৰুৱা মাটিত প্ৰথমখন টেষ্টত ৮ উইকেটত পৰাজয় বৰণ কৰিলে ভাৰতে। বাংগালুৰুৰ বৰ্ষা বিঘ্নিত মেচখনৰ অন্তিম দিনটোত কিৱি বাহিনীক জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ ১০৭ ৰানৰ। নিৰ্ধাৰিত সেই সহজ লক্ষ্য মাত্ৰ ২টা উইকেট হেৰুৱাই অনায়াসে অতিক্ৰম কৰে আলহী দলটোৱে।

ইয়াৰ লগে লগে ১৯৮৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত টেষ্ট মেচত জয়ৰ সোৱাদ লাভ কৰে নিউজিলেণ্ডে। ফলস্বৰূপে মূল্যহীন হৈ পৰে ছৰফৰাজ খানৰ বিদ্ৰোহাত্মক শতকীয় ইনিংছ আৰু ঋষভ পণ্টৰ সংগ্ৰামী ৯৯ ৰান। প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানত অলআউট হোৱাৰ পিছতে ভাৰতে পৰাজয়ৰ দিশে গতি কৰিছিল। কিন্তু দ্বিতীয় ইনিংছত বেটাৰসকলে নিজক নিয়ন্ত্ৰণ কৰি ৰাখি সংগ্ৰামৰ মাজেৰে সন্মানজনক ৪৬২ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।

সেয়া হ’লেও ৩৬ বছৰৰ পিছত নিউজিলেণ্ডৰ হাতত ঘৰুৱা মাটিত পৰাজয় বৰণ কৰিবলৈ বাধ্য হৈ পৰে ভাৰতীয় দলটো। অন্তিম বাৰৰ ভাৰতত নিউজিলেণ্ড জয়ী হৈছিল জন ৰাইট অধিনায়ক হৈ থকা সময়ত। আজিৰ টেষ্টসহ এতিয়ালৈকে নিউজিলেণ্ড ভাৰতৰ মাটিত তৃতীয়খন টেষ্টত বিজয় সাব্যস্ত কৰে। আজি অন্তিম দিনা খেল আৰম্ভ হোৱাৰ কিছু সময় পিছতে যশপ্ৰীত বুমৰাহে কিৱি অধিনায়ক টম লাথামক শূন্য ৰানত আৰু ১৩ অভাৰত অপেনাৰ কনৱেক পেভিলিয়নমুখী কৰাত ভাৰতীয় শিবিৰত ক্ষীণকৈ হ’লেও আশা সজীৱ হৈ উঠিছিল যদিও ৰাচিন ৰবীন্দ্ৰই সেই আশা নিৰ্বাপিত কৰে।

মহম্মদ ছিৰাজ আৰু ৰবীন্দ্ৰ জাডেজাৰ বলে কিৱি বেটাৰসকলক মুঠেই প্ৰত্যাহ্বানৰ সন্মুখীন কৰাব নোৱাৰিলে। ফলত ৰাচিনৰ অপৰাজিত ৩৯ ৰান আৰু ইয়ঙৰ ৪৮ ৰানৰ সহায়ত আলহী দলটোৱে মাত্ৰ ২৭ অভাৰতে সহজ জয় সাব্যস্ত কৰে। ভাৰতৰ হৈ নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত বুমৰাহে ২টা উইকেট হস্তগত কৰাৰ বাদে বাকীসকল বলাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আজিৰ এই জয়ৰ জৰিয়তে ৩খন মেচৰ টেষ্ট শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে লাথাম বাহিনীয়ে। শৃংখলাটোৰ দ্বিতীয়খন টেষ্ট পুণেত অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব।