গুৱাহাটীঃ মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। জংঘলৰে আৱৰি থকা এটা ঘৰ। ঘৰটোত মানসিকভাৱে সামান্য পৰিমাণে অসুস্থ পুত্ৰৰ সৈতে বাস কৰিছিল পুৰ্ণিমা দে’ নামৰ এগৰাকী বৃদ্ধা মহিলা। কিছুবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ বিয়োগ ঘটিছিল। তেতিয়াৰে পৰা মাতৃ-পুত্ৰই অকলেই বাস কৰি আহিছিল। মহিলাগৰাকীৰ মানসিকভাৱে অসুস্থ প্ৰায় ৩৬-৩৭ বছৰীয়া জয়দেৱ দে’ নামৰ পুত্ৰৰ আক্ৰমণাত্মক ব্যৱহাৰৰ বাবে ওচৰ-চুবুৰীয়াসকলেও ঘৰখনলৈ খা-খবৰ ল’বলৈ যাবলৈ ইতস্তঃতবোধ কৰিছিল। আত্মীয়-স্বজনেও একেটা কাৰণতে ঘৰখনলৈ আহিবলৈ ভয় কৰিছিল।

লাহে লাহে ঘৰটোৰ চৌহদ ভৰি পৰিছিল জংঘলেৰে। কথাটো সকলোৱে অলপকৈ মন কৰিছিল যদিও ব্যস্ত মহানগৰীত মানসিকভাৱে অসুস্থ এগৰাকী লোক থকা ঘৰখনৰ ভিতৰত কি চলি আছে সেয়া তন্ন-তন্নকৈ চাবলৈ কোনোৱেই আগ্ৰহো অনুভৱ কৰা নাছিল। দুই-এজনে পদুলিলৈ ওলাই অহা ল’ৰাজনক মাজে-সময়ে মাতৃৰ খা-খবৰ সুধিলেও ভালেই আছে বুলি কৈছিল। কিন্তু এমাহ-দুমাহ নহয়, প্ৰায় তিনিমাহ ধৰি মহিলাগৰাকীক বাহিৰলৈ ওলোৱা নেদেখি তথা চৌহদত জংঘলৰ পৰিমাণ বাঢ়ি অহাত এজন সচেতন লোকে লক্ষ্মী পূজাৰ পিছদিনা বাটত ৰৈ থকা ল’ৰাজনক এই বিষয়ে প্ৰশ্ন কৰে।

চৌহদত বাঢ়ি অহা জংঘলখিনি কিয় চাফ-চিকুণ কৰা নাই বুলি প্ৰশ্ন কৰাত ল’ৰাজনে অকলে কেনেকৈ ছাফা কৰিম বুলি উত্তৰ দিয়ে। তেতিয়া লোকজনে মাক থাকোতে কেনেকৈ অকলশৰীয়া হ’ল বুলি কয়। লোকজনৰ কথাত ল’ৰাজনে মাক বহুদিন আগতেই দেউতাকৰ ওচৰলৈ গুচি গ’ল বুলি মন্তব্য কৰে। ল’ৰাজনে মাক দেউতাকৰ ওচৰলৈ গুচি যোৱা বুলি কোৱা কথাটোক লৈ সচেতন লোকজনৰ মনত সন্দেহ ঘনীভূত হৈ উঠে। লগে লগে তেওঁ চুবুৰীয়া মহিলা এগৰাকীক মাতি আনে আৰু সন্দেহৰ বিষয়ে বিৱৰি কৈ বৃদ্ধা মহিলাগৰাকীৰ কোনো আত্মীয়ক চিনি পাই নেকি বুলি সোধে। মহিলাগৰাকীয়ে তেতিয়া দুগৰাকী আত্মীয়ক চিনি পাও বুলি কৈ ফোনযোগে মাতিব বুলি জনায়।

ফোনযোগে মতাৰ পিছত আত্মীয় দুগৰাকী আজি দুপৰীয়াৰ ভাগত সেই ঠাইত উপস্থিত হোৱাত সচেতন লোকজনে বিষয়টোক লৈ আলোচনা কৰে। ঘৰখনলৈ কিয় নাযায় বুলি সোধাত আত্মীয় দুগৰাকীয়ে জনাই যে গ’লেই ল’ৰাটোৱে মাৰিবলৈ খেদি আহে বাবেই নাযায়। লগতে ফোন কৰিলে মাক ঠিকেই আছে বুলি কয় বাবেও কথাটো বেলেগকৈ ভবা নাছিল বুলিও জানিবলৈ দিয়ে। এনে অৱস্থাৰ কথা জানিব পাৰি আৰক্ষী বিভাগত কৰ্মৰত সচেতন লোকজনে আত্মীয় দুগৰাকীক আৰক্ষীক খবৰ দিবলৈ পৰামৰ্শ আগবঢ়ায়।


সমগ্ৰ ঘটনাটো পোহৰলৈ অনা সচেতন চুবুৰীয়াজন

উক্ত পৰামৰ্শ অনুযায়ী মহিলাগৰাকীৰ ভাতৃ আৰু আন এগৰাকী আত্মীয়ই ফটাশিল থানাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ল’ৰাজনক নিয়ন্ত্ৰণত ৰাখি জপনাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰোতেই বৃদ্ধাগৰাকীৰ কংকাল প্ৰত্যক্ষ কৰে। ওচৰ-চুবুৰীয়া আৰু আৰক্ষীয়ে যতন লোৱাৰ অভাৱতে মহিলাগৰাকীৰ মৃত্যু ঘটিছে বুলি সন্দেহ কৰিছে।

'আমাক ঘৰলৈ যাবলৈ নিদিয়ে ভাগিনটোৱে। মাৰিবলৈ খেদে। ফোন কৰিলে বাইদেউ ভালেই আছে বুলি কয়। ফোনটোও লগাই নিদিয়ে। আমিও ভালেই আছে বুলিয়েই ভাবি আছিলো।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় এগৰাকী আত্মীয়ই।

ঘটনা সন্দৰ্ভত এগৰাকী চুবুৰীয়াই কয়, ''ল’ৰাজন মেণ্টেলি অলপ ডিষ্টাৰ্বড। দেউতাক থকাৰ সময়তো এনেকুৱাই আছিল। তেতিয়া দেউতাকে তাক চিকিৎসা আদি কৰি আছিল। মাকো অলপ অসুখীয়া আছিল বুলি জানিছিলো। সেয়ে পুতেকৰ চিকিৎসা ভালকৈ কৰিব পৰা নাছিল হয়তো। আৰু পুতেকে সেই অৱস্থাৰেনো মাকক কি চাব? ঘৰটোৰ চৌহদৰ গেটত পুতেকে অনবৰতে তলা লগাই থৈ দিয়ে বাবে কোনো আহিবও নোৱাৰে। গতিকে এনে ঘটনা এটা হৈ গ’ল বুলি আমি ভাবি লৈছো।’’

স্থানীয় ফটাশিল আৰক্ষীয়ে কংকালটো উদ্ধাৰ কৰি প্ৰাথমিক অনুসন্ধানৰ পিছত মহিলাগৰাকীৰ মৃত্যু কোনো হত্যাকাণ্ড নহয় বুলিয়েই মন্তব্য কৰিছে। 'ফৰেনছিকৰ দলো আহিছে। চিআইডিৰ দলো আহিছে। এতিয়ালৈ হত্যাকাণ্ড যেন লগা নাই। কিন্তু আৰু অধিক তদন্তৰ প্ৰয়োজন আছে। ল’ৰাজন যিহেতু মানসিকভাৱে সুস্থ নহয় সেয়ে অনুসন্ধানত কিছু সময়ৰ প্ৰয়োজন হ’ব। আমি সোধোতে ল’ৰাজনে তেওঁলোকৰ কোনো নিজৰ মানুহ নাই বাবে তেনেকৈ থাকিল বুলি কৈছে। ল’ৰাজনে ৩ মাহ মানৰ পৰা মাক এনেকৈ পৰি আছিল বুলি কৈছে যদিও মেডিকেল পৰীক্ষাৰ অন্ততহে সঠিককৈ সকলো জানিব পৰা যাব। মানুহগৰাকীৰ বয়সো হৈছিল। প্ৰায় ৬৮ বছৰমান হৈছিল বুলি অনুমান কৰিছো।’’-এইদৰে কয় ফটাশিল আৰক্ষী থানাৰ এগৰাকী বিষয়াই।


বন্ধ ঘৰটোত এইদৰেই পৰি ৰৈছিল পূৰ্ণিমা দে'ৰ অস্থি-চৰ্মসাৰ কংকাল

আৰক্ষীয়ে ইতিমধ্যে কংকালটো উদ্ধাৰ কৰি ফৰেনছিক আৰু মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।  ঘটনা সন্দৰ্ভত মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ আৰু সহযোগত ল’ৰাজনক সোধা-পোছাৰ ব্যৱস্থা কৰা হ’ব বুলিও জনাইছে ফটাশিল আৰক্ষীয়ে। এই ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া ছ’চিয়েল মিডিয়াতো নেটিজেনসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। একাংশ নেটিজেনে ঘটনাৰ সবিশেষ নজনাকৈয়ে ইমানদিনে ওচৰ-চুবুৰীয়াই কি কৰি আছিল বুলি ওচৰ-চুবুৰীয়াক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে। আন একাংশই আকৌ এয়া নগৰীয়া যান্ত্ৰিকতাৰ ফল বুলিও মন্তব্য কৰিছে।

দুই-এজন সচেতন ব্যক্তিয়ে মানসিকভাৱে অসুস্থ ব্যক্তি থকা পৰিয়ালৰ আন সদস্যসকলৰ বাবে স্বাভাৱিক জীৱন-যাপন কিমান কষ্টকৰ হৈ পৰে সেই লৈও চৰ্চা কৰিছে। বিশেষকৈ এগৰাকী অকলশৰীয়া মহিলাই মানসিকভাৱে অসুস্থ পুত্ৰৰ সৈতে কটোৱাতো বাকীসকলে ভবাৰ দৰে ইমান সহজ নহয় বুলিও নিজা নিজা বিশ্লেষণ আগবঢ়াই কংকাল উদ্ধাৰ হোৱা মহিলাগৰাকীৰ অসহায় অৱস্থাটো উপলব্ধি কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।