নতুন দিল্লীঃ দিল্লী এতিয়া বিজেপিৰ! অৱশেষত অন্ত পৰিল ৰাজধানী দিল্লীক লৈ দেশবাসীৰ উৎকণ্ঠাৰ। দিল্লীবাসীৰ হৃদয় জয় কৰি সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীত প্ৰত্যাৱৰ্তন ঘটিল বিজেপিৰ। আজি ঘোষণা হোৱা দিল্লী বিধানসভা নিৰ্বাচনত ৪৮ খন আসনত নিশ্চিত বিজয়েৰে দিল্লীত নিজৰ ভেটি সুদৃঢ় কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। একেসময়তে বাৰ বছৰীয়া এটা যুগৰ অন্ত পেলাই আজিৰে পৰা ক্ষমতাচ্যুত হ’ল কেজৰিৱালৰ আম আদমী পাৰ্টি। নিৰ্বাচনৰ ফলাফলত নিজেই সম্পূৰ্ণ বিধ্বস্ত হ’ল কেজৰিৱাল, মনীষ ছিছ’দিয়াৰ দৰে আপৰ প্ৰভাৱশালী নেতা। 

আজি ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে মাত্ৰ ২২ খন আসনতে সীমাবদ্ধ হয় শাসকীয় আম আদমী পাৰ্টিৰ যাত্ৰা। অন্যহাতে দিল্লীৰ ৰাজনীতিত ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰা কংগ্ৰেছে এইবাৰো শূন্যতেই সামৰিলে সপোনৰ যাত্ৰা। 

দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ লহৰ তুলি ২০১৫ৰ বিধানসভা নিৰ্বাচনত ৭০ খন আসনৰ ভিতৰত ৬৭ খন আসনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল আপে। পৰৱৰ্তী অৰ্থাৎ ২০২০ৰ নিৰ্বাচনত ৬২খনলৈ হ্ৰাস পাইছিল আপৰ আসন। কিন্তু বিগত সময়ছোৱাত সুৰা কেলেংকাৰীকে ধৰি অনেক অভিযোগ আৰু কেলেংকাৰীক সাঙোৰ খাই পৰা আপে এইবাৰ কোনোমতে একুৰি দুখন আসনেৰে মান ৰক্ষা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। 

এই নিৰ্বাচনত নতুন দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। তেওঁৰ বিৰুদ্ধে বিজেপিয়ে থিয় কৰাইছিল প্ৰাক্তন সাংসদ প্ৰৱেশ বাৰ্মাক। নিৰ্বাচনৰ পৰিণামস্বৰূপে প্ৰায় তিনিহাজাৰ ভোটত পৰাস্ত হয় কেজৰিৱাল। একেদৰে জানপুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়ৰ বলি হ’ল প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী মনীষ ছিছ’দিয়াও। অৱশ্যে কালকাজিৰ পৰা জয়লাভ কৰি কোনোমতে নিজৰ মান ৰাখে বিদায়ী মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই।

ইফালে, এইবেলিৰ নিৰ্বাচনত শূন্যৰ হেট্ৰিক গঢ়িলেও সমগ্ৰ ফলাফলত আপৰ পৰাজয়ৰ এক ডাঙৰ কাৰণ হিচাপে পৰিগণিত হয় কংগ্ৰেছ। বিশেষকৈ নতুন দিল্লী সমষ্টিত কেজৰিৱালৰ পৰাজয়ৰ অন্যতম কাৰণ হৈ পৰা পৰিলক্ষিত হয় কংগ্ৰেছৰ প্ৰাৰ্থী সন্দীপ দীক্ষিত। এই সমষ্টিত বিজেপিৰ প্ৰৱেশ বাৰ্মাৰ হাতত প্ৰায় তিনি হাজৰ ভোটত পৰাস্ত হয় অৰবিন্দ কেজৰিৱাল। ইফালে সমষ্টিটোত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে লাভ কৰে প্ৰায় চাৰি হাজাৰ ভোট। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, সমষ্টিটোত আপ আৰু কংগ্ৰেছে একেলগে প্ৰতিদ্বন্দ্বিতা কৰা হ’লে সন্দীপ দীক্ষিতে লাভ কৰা চাৰি হাজাৰ ভোট কেজৰিৱালৰ পক্ষত পৰিলেহেঁতেন আৰু আপৰ মুৰব্বীগৰাকীৰ লজ্জাজনক পৰাজয়ৰ বিপৰীতে কাগজে-কলমে জয় সম্ভৱ হ’লহেঁতেন।

দৰাচলতে লোকসভা নিৰ্বাচনত একেলগে যুঁজ দি শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত অৱসান ঘটিছিল আপ আৰু কংগ্ৰেছৰ বন্ধুত্বৰ। ইয়াৰ পিছতে নিজা নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি দিল্লীৰ নিৰ্বাচনৰ বাবে সাজু হৈছিল দুয়োটা দল। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আপৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ফলত আপৰ ভোট বিভক্ত হৈ পৰে আৰু ইয়ে বিজেপিৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই নিৰ্বাচনত সৰ্বাধিক ব্যৱধানত জয়ী হোৱা পাঁচখন আসনৰ ভিতৰত তিনিখনতে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থীয়ে। আনহাতে, আন পাঁচখন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অতি কম ব্যৱধানত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী। ইয়াৰ ভিতৰত জানপুৰা সমষ্টিত বিজেপিৰ তৰবিন্দৰ সিং মাৰৱাই আম আদমি পাৰ্টিৰ নেতা মনীষ ছিছ’দিয়াক মাত্ৰ ৬৭৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

সৰ্বাধিক ভোটত জয়ী হোৱা আসনৰ ভিতৰত মাটিয়া মহলৰ আসনৰ পৰা আম আদমী পাৰ্টিৰ আলী মহম্মদ ইকবালে বিজেপিৰ দীপ্তি ইন্দোৰাক ৪২,৭২৪ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ছিলমপুৰত আপৰ প্ৰাৰ্থী চৌধুৰী জুবাইৰ আহমেদে বিজেপিৰ অনিল কুমাৰ শৰ্মাক ৪২,৪৭৭ ভোটত পৰাস্ত কৰে। ৰোহিনী সমষ্টিত বিজেপিৰ বিজেন্দ্ৰ গুপ্তাই আপৰ প্ৰাৰ্থী প্ৰদীপ মিট্টালক ৩৭,৮১৬টা ভোটত পৰাস্ত কৰে। দেউলী সমষ্টিৰ পৰা আম আদমী পাৰ্টিৰ প্ৰেম চৌহানে লোক জনশক্তি পাৰ্টিৰ দীপক তনৱাৰক ৩৬,৬৮০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আৰু বাৱানা সমষ্টিত বিজেপিৰ ৰবীন্দ্ৰ ইন্দ্ৰজ সিঙে আম আদমী পাৰ্টিৰ জয়ভগৱান আখতাৰক ৩১,৪৭৫ ভোটত পৰাস্ত কৰে।

অন্যহাতে, এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ চন্দন কুমাৰ চৌধুৰীয়ে মাত্ৰ ৩৪৪ টা ভোটত আপৰ প্ৰাৰ্থী দীনেশ মহনিয়াক পৰাস্ত কৰি জয়লাভ কৰে। ত্ৰিলোকপুৰী সমষ্টিত বিজেপিৰ ৰবি কান্তে আম আদমী পাৰ্টিৰ অঞ্জনা পাৰ্চাক ৩৯২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জানপুৰাত বিজেপিৰ তৰবিন্দৰ সিং মাৰৱাই আপ নেতা মনীষ ছিছ’দিয়াক ৬৭৫টা ভোটত পৰাস্ত কৰে। তিমাৰপুৰ সমষ্টিত বিজেপিৰ সূৰ্য প্ৰকাশ খাত্ৰীয়ে আপৰ প্ৰাৰ্থী সুৰিন্দৰ পাল সিং (বিট্টু)ক ১১৬৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজেন্দ্ৰ নগৰ সমষ্টিত বিজেপিৰ উমাং বাজাজে আম আদমী পাৰ্টিৰ দুৰ্গেশ পাঠকক ১২৩১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল অৰবিন্দ কেজৰিৱালে। তেওঁ অভিযোগ কৰিছিল যে বিজেপিয়ে আপৰ ১৬ গৰাকী প্ৰাৰ্থীৰ সৈতে যোগাযোগ কৰি ১৫ কোটি টকাকৈ প্ৰদানৰ অফাৰ দিছিল। চৰকাৰ গঠন হ’লে তেওঁলোকক মন্ত্ৰিত্ব প্ৰদানৰো প্ৰলোভন দিছিল বিজেপিয়ে। কেজৰিৱালৰ এই অভিযোগৰ পিছতে দিল্লীত বৃদ্ধি পাইছিল ৰাজনৈতিক উত্তেজনা। কেজৰিৱালৰ বিৰুদ্ধে উপ-ৰাজ্যপালক অভিযোগ দিছিল বিজেপিয়ে, আৰম্ভ হৈছিল তদন্তও। কিন্তু এতিয়া দিল্লীৰ ৰাজনৈতিক পট সম্পূৰ্ণ সলনি হৈছে। বিধায়ক কিনা-বেচা নকৰাকৈয়ে চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈছে বিজেপিৰ বাবে।

অৱশ্যে এইবাৰ দিল্লীত বিজেপিৰ বিজয়ৰ পূৰ্বাভাস প্ৰদান কৰিছিল প্ৰায় সকলো এগজিট প’লে। এক্সিছ মাই ইণ্ডিয়াৰ পৰা পিপলছ পালছলৈকে বিভিন্ন সংস্থাই ভোটগ্ৰহণৰ পিছতে প্ৰকাশ কৰা এগজিট প’লত বিজেপিক দিয়া হৈছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা। অধিকাংশ এগজিট প’লেই বিজেপিয়ে ৩০-৫০ খন আসন পাব বুলি দাবী কৰিছিল। নিৰ্বাচনী ফলাফলে এতিয়া এনে এগজিট প’লৰ অনুমানেই সঠিক নিৰ্ধাৰিত কৰিছে।

দিল্লীৰ জনতাৰ আস্থা হেৰুওৱাৰ পিছত এই পৰাজয় স্বীকাৰ কৰি লৈছে অৰবিন্দ কেজৰিৱাল আৰু বাকী আপ নেতাসকলে। বিজেপিৰ বিজয় স্পষ্ট হোৱাৰ পিছতে এটা ভিডিঅ’ বাৰ্তাযোগে জনাদেশ মানি লোৱা বুলি মন্তব্য কৰে কেজৰিৱালে। তেওঁ কয় যে তেওঁলোকে লাভৰ আশাত ৰাজনীতিত প্ৰৱেশ কৰা নাছিল, বৰঞ্চ সমাজসেৱাই তেওঁলোকৰ লক্ষ্য। নিৰ্বাচনত পৰাজয়ৰ পিছতো দিল্লীত আপ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰি তেওঁৰ দলে গঠনমূলক বিৰোধী দল হিচাপে কাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে। 

কেজৰিৱালে ছ’চিয়েল মিডিয়াত ভিডিঅ’ বাৰ্তাযোগে কয়, ''আমি দিল্লীৰ ৰায়ক গুৰুত্বসহকাৰে লৈছো। এই বিজয়ৰ বাবে বিজেপিলৈ অভিনন্দন। জনতাই যি আশাৰে তেওঁলোকক ভোট দিছিল, সেই আশা বিজেপিয়ে পূৰণ কৰিব বুলি আশা কৰিছোঁ।’’ ইফালে, যোৱা এটা দশকত দিল্লীৰ উন্নয়নত আপ চৰকাৰৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰি কেজৰিৱালে কয়, ''দিল্লীৰ শিক্ষা, স্বাস্থ্য, খোৱাপানী আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে আমি অক্লান্তভাৱে কাম কৰিছো। মানুহৰ জীৱনৰ মান উন্নত কৰাৰ চেষ্টা কৰিছো। এইবাৰ আমি বিৰোধীৰ আসনত বহিলেও সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমি গঠনমূলক বিৰোধী দল হিচাপে ৰাইজৰ বাবে কাম কৰিম।" 

তেওঁৰ বাৰ্তাত কেজৰিৱালে আৰু কয় যে আমি ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতিত অহা নাছিলো। ই মানুহৰ সেৱাৰ এক মাধ্যম। আগন্তুক দিনতো দিল্লীবাসীৰ সুখ-দুখত থিয় দি থাকিম। প্ৰতিজন আপ কৰ্মীলৈ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জনাইছো। আনহাতে, কলকাজী আসনৰ পৰা জয়ী হোৱা বিদায়ী মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাইও দলৰ দুৰ্যোগ স্বীকাৰ কৰে। তেওঁ কয়, "আমি ৰাইজৰ ৰায় মানি লৈছো। জয়ী হ’লেও এতিয়া উদযাপনৰ সময় নহয়। বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।" 

২৭ বছৰ পিছত দিল্লীলৈ প্ৰত্যাৱৰ্তনৰ পিছত দিল্লীবাসীক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। তেওঁ কয়, “চৰ্টকাটৰ ৰাজনীতি শ্বৰ্ট চাৰ্কিটত কবলত পৰিল।” "সবকা সাথ, সবকা বিকাশ" শ্ল’গানেৰে বিজয়ৰ বৰ্ণনা কৰি তেওঁ কয় যে বিজেপি চৰকাৰে ৰাইজৰ আশা পূৰণৰ বাবে আগবাঢ়ি যাব।

বিজয়ৰ বাবে দিল্লীৰ জনসাধাৰণৰ আনন্দ আৰু সকাহ সন্দৰ্ভত মন্তব্য কৰি মোদীয়ে কয়, ''আজি দিল্লীৰ জনসাধাৰণ অতি আনন্দিত আৰু সকাহ পাইছে। বিজয়ৰ আনন্দ আৰু দিল্লী দুৰ্যোগমুক্ত হোৱাৰ সকাহ এই মুহূৰ্তত সকলোৱে অনুভৱ কৰিছে।দিল্লীৰ জনসাধাৰণে মুক্ত অন্তৰেৰে আমাক আশীৰ্বাদ দিছে।" মোদীয়ে লগতে কয় যে এই বিশ্বাসৰ মূল্য ডাবল ইঞ্জিন চৰকাৰে দিব।

ইয়াৰ পিছতে মোদীয়ে আম আদমী পাৰ্টিক আক্ৰমণ কৰি কয় যে দিল্লীত আড়ম্বৰ, অৰাজকতা আৰু বিশৃংখলতাৰ ৰাজনীতি পৰাস্ত হৈছে। নিৰ্বাচনত এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজনীতিত শ্বৰ্টকাট আৰু মিছা কথাৰ কোনো স্থান নাই। মোদীয়ে কয়, "ৰাইজে শ্বৰ্টকাটৰ ৰাজনীতিক শ্বৰ্ট চাৰ্কিট কৰিছে। হাৰিয়ানাৰ পিছত আমি মহাৰাষ্ট্ৰত এক নতুন অভিলেখ গঢ়িছো, আৰু এতিয়া আমি দিল্লীতো ইতিহাস ৰচনা কৰিছো।”

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মহিলাসকলক ধন্যবাদ জনাই কয়, "ওড়িশা, হাৰিয়ানা বা মহাৰাষ্ট্ৰই হওক, নাৰী শক্তিয়ে আমাক সকলোতে আশীৰ্বাদ দিছে।" তেওঁ দিল্লীৰ নাগৰিকক প্ৰতিশ্ৰুতি দি কয় যে আমি যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পূৰণ কৰিলোঁ, দিল্লীতো আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম। এয়া মোডীৰ নিশ্চয়তা।

লগতে মোদীয়ে কয় যে দিল্লীৰ প্ৰথম অধিবেশনত চিএজিৰ প্ৰতিবেদন দাখিল কৰা হ’ব আৰু দুৰ্নীতি কৰা সকলোৱে দিল্লীৰ জনতাৰ প্ৰাপ্য ঘূৰাই দিব লাগিব। আম আদমী পাৰ্টিক দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰি মোদীয়ে কয় যে, দুৰ্যোগটো ৰাজনীতি সলনি কৰিবলৈ আহিছিল, কিন্তু তেওঁলোক নিজৰ দুৰ্নীতিৰ জালত আবদ্ধ হৈ আছে। "দিল্লীত ভঙা ৰাস্তা, জাবৰৰ স্তূপ, বিষাক্ত বতাহৰ দৰে বিভিন্ন সমস্যাই জুৰুলা কৰিছে। আমি দিল্লীক এখন আধুনিক চহৰ কৰিম।” মোদীয়ে যমুনাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, "আমাৰ শাস্ত্ৰত যমুনাৰ কথা উল্লেখ আছে, কিন্তু দুৰ্যোগে যমুনাক অপমান কৰিছে। মই প্ৰতিশ্ৰুতি দিছো, যমুনা দিল্লী চহৰৰ নতুন পৰিচয় হৈ পৰিব।"

অন্যহাতে, বিজেপিৰ চানক্য তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিজয়ক ‘মিছাৰ ৰাজত্বৰ অন্ত’ আৰু ‘অহংকাৰ আৰু বিশৃংখলতাৰ পৰাজয়’ বুলি অভিহিত কৰে। ২৭ বছৰৰ পাছত দিল্লীত বিজেপিৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত শ্বাহে কয় যে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰা জয় আৰু তেওঁৰ উন্নয়নমূলক দৃষ্টিভংগীৰ প্ৰতি দিল্লীৰ জনসাধাৰণৰ বিশ্বাসৰ প্ৰতিফলন। শ্বাহে আৰু স্পষ্ট কৰি দিয়ে যে দিল্লীক বিশ্বৰ এক নম্বৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ বিজেপি দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয়, "বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দি মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰি। দিল্লীৰ ৰাইজে উত্তৰ দিছে। লেতেৰা যমুনা, প্ৰদূষিত খোৱাপানী, ভঙা পথ, উফন্দি উঠা নলা আৰু আলিবাটত সুৰাৰ দোকানৰ বিৰুদ্ধে ৰাইজে ভোট দিছে।’’ 

দিল্লীৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি শ্বাহে কয়, "মহিলাৰ সুৰক্ষাই হওক বা অকৰ্তৃত্বশীল উপনিবেশৰ বাসিন্দাৰ আত্মসন্মানেই হওক, নতুন কৰ্মসংস্থাপনৰ সুযোগ হওক বা নীতিগত শাসন ব্যৱস্থাই হওক, দিল্লী এতিয়া মোদী জীৰ নেতৃত্বত এখন আদৰ্শ ৰাজধানী হৈ পৰিব।" 

ইফালে, বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডাই কয়, "আপ-দা (দুৰ্যোগ) মুক্ত দিল্লী! দুৰ্নীতি, অপব্যৱস্থাপনা, তুষ্টিকৰণৰ সকলো সীমা অতিক্ৰম কৰিছিল আপ চৰকাৰে। আজি দিল্লী তেওঁলোকৰ মিছা, প্ৰতাৰণা আৰু দুৰ্নীতিৰ কবলৰ পৰা মুক্ত।"