চাবুৱাঃ যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ ঢাক -ঢোল বজাই আছে সেই সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পানীতোলা শিক্ষাখণ্ড শিক্ষা বিষয়া অবিহনে যোৱা দুমাহ ধৰি চলি আছে৷ ফলত শিক্ষাখণ্ডটোৰ অধীনৰ বিদ্যালয়সমূহত এক অৰাজক পৰিবেশ সৃষ্টি হৈছে৷
শীঘ্ৰে শিক্ষাখণ্ডটোত শিক্ষা বিষয়া নিযুক্তিৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলা শিক্ষা বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
সংগঠনটোৱে বিষয়াবিহীন কাৰ্যালয়টোত এজন পূৰ্ণ পৰ্যায়ৰ শিক্ষা বিষয়াৰ লগতে সহ পৰিদৰ্শক নিযুক্তি দিবলৈ দাবী জনোৱাৰ লগতে অহা সাত দিনৰ ভিতৰত যদি শিক্ষা বিভাগে একো বিহীত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলনৰ হুংকাৰ দিছে ।