
নগাঁওঃ অসম লোক সেৱা আয়োগৰ নিযুক্তিত সংঘটিত হোৱা কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক অনিয়মৰ তথ্য ৷ এই অনিয়ম সংঘটিত হৈছে অসম লোক সেৱা আয়োগৰ আঞ্চলিক বন বিষয়াৰ পৰীক্ষাত৷
আৰ টি আইৰ জৰিয়তে এনে অনিয়ম উন্মোচিত কৰিছে নৰ্মদা চেতিয়া নামৰ নগাঁৱৰ এগৰাকী পৰীক্ষাৰ্থীয়ে৷ প্ৰাপ্ত খবৰ মতে, ২০১৫ চনৰ আগষ্টত আঞ্চলিক বন বিষয়াৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই পৰীক্ষাত আন বহুজনৰ সৈতে নৰ্মদা চেতিয়াও অৱতীৰ্ণ হৈছিল৷
ইফালে, চলিত বৰ্ষত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় যদিও ফলাফলত অসন্তুষ্ট হৈ নৰ্মদাই যোৱা ২৩ মাৰ্চত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পৰীক্ষাৰ বহীৰ মূল্যাংকনৰ তথ্য বিচাৰে৷ সেই অনুসৰি যোৱা ১৫ এপ্ৰিলত সংশ্লিষ্ট বিভাগে অপচনেল-১, অপচনেল-২ আৰু সাধাৰণ জ্ঞান বিষয়ৰ বহী তিনিখনৰ প্ৰতিলিপি নৰ্মদাক যোগান ধৰে৷
কিন্তু আশ্চৰ্যজনকভাৱে চাৰিটা বিষয়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ ইংৰাজী বিষয়ৰ উত্তৰ বহীখনৰ প্ৰতিলিপি বিভাগে পৰীক্ষাৰ্থী নৰ্মদাক নিদিয়াত পুনৰ সেই বহীখনৰ প্ৰতিলিপি বিচাৰি আয়োগৰ ওচৰত আবেদন জনাই নৰ্মদাই।
এনে পৰিস্থিতিত উপায়হীন হৈ বিভাগে মংগলবাৰে ইংৰাজী বহীখনৰ প্ৰতিলিপি প্ৰেৰণ কৰে যদিও বহীখন প্ৰত্যক্ষ কৰি পৰীক্ষাৰ্থী নৰ্মদা স্তম্ভিত হৈ পৰে৷ কাৰণ বহীখন দ্বিতীয়বাৰ পৰীক্ষা কৰা পৰীক্ষকজনে ইচ্ছাকৃতভাবে প্ৰথম পৰীক্ষকজনতকৈ কম নম্বৰ দিয়ে৷ দ্বিতীয় পৰীক্ষকৰ চহী নথকা বহীখনত আনকি ৰহস্যজনকভাৱে কি কাৰণত নম্বৰ কমাই দিয়া হৈছে তাৰ কোনো কাৰণ লিপিবদ্ধ কৰা হোৱা নাই৷
তদুপৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ৰ ভিডিঅ’গ্ৰাফী নৰ্মদাই বিচাৰিছিল যদিও আয়োগে সেয়া দিয়াৰ পৰা বিৰত থকাৰ বিপৰীতে সাক্ষাৎকাৰৰ নম্বৰ বিচৰাত সেই নম্বৰ বন বিভাগেহে দিব পাৰিব বুলি দায়সৰা মন্তব্যহে দিয়ে আয়োগে৷
গতিকে পৰীক্ষাৰ বহীৰ মূল্যাংকনত দেখা বিসংগতি তথা আয়োগৰ কৰ্মকাণ্ডৰ পৰা নগাঁৱৰ এই পৰীক্ষাৰ্থীগৰাকীৰ ক্ষেত্ৰত ষড়যন্ত্ৰ চলাৰ সন্দেহ ব্যক্ত কৰি ধনৰ বলত কোনো অযোগ্য প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ বাবেই এনে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ তুলিছে নগঞা সচেতন মহলে৷