ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ডোড়া জিলাত আজি পুৱতি নিশা হোৱা ডাঁৱৰ বিস্ফোৰণৰ ফলত হঠাতে বানপানীৰ ঢল নামি আহে। ফলস্বৰূপে ঘোৰ নিদ্ৰাত থকা থাত্ৰী চহৰৰ বাসিন্দাৰ ঘৰ-দুৱাৰ ক্ষণিকতে জলমগ্ন হৈ পৰে।
চহৰখনৰ দোকান-পোহাৰকে আদি কৰি বাট-পথ জলমগ্ন হৈ পৰাত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। ভালেকেইটা আবাসগৃহৰ লগতে দোকান-পোহাৰ পানীৰ তীব্ৰ সোঁতে ভাঙি পেলায় আৰু বহু ঘৰ উটুৱাই লৈ যায়।
বাটোতে-কিষ্টাৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে এক বিস্তৃত অঞ্চল পানীয়ে বুৰায় পেলায়। ঘটনাত বহুলোক আবদ্ধ হৈ পৰাৰ লগতে ছজনকৈ লোকে মৃত্যুক সাৱতি ল’বলগা হয়।