গুৱাহাটীঃ দীঘলীপুখুৰী পাৰত ৰাজ্যৰ দল-সংগঠনে কৰা প্ৰতিবাদৰ এক ইতিহাস আছে৷ আছুৰ পৰা আৰম্ভ কৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বাওপন্থী দল-সংগঠনে বছৰ বছৰ ধৰি দীঘলীপুখুৰী পাৰত ৰাজ্য চৰাকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ চৰকাৰৰ যিকোনো জনবিৰোধী কাম-কাজৰ পৰা আৰম্ভ কৰি একাধিক অনাকাংক্ষিত ঘটনা-পৰিঘটনাৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাইজে।
ৰাজ্যৰ দল-সংগঠনে এনেদৰে বছৰৰ পিছত বছৰ ধৰি দীঘলীপুখুৰী পাৰত প্ৰতিবাদ কৰি অহাৰ সময়তে দীঘলীপুখুৰী পাৰত চৰকাৰে প্ৰতিবাদ কৰিবলৈ অনুমতি প্ৰদান কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে গুৱাহাটী উকীল সন্থা। কেইবাটাও চৰকাৰী কাৰ্যালয়, কলেজ, চিকিৎসালয় থকা অতি ব্যস্ত অঞ্চলটোত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ দি অহা কাৰ্যক লৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰে গুৱাহাটী উকীল সন্থাই৷
আজি উকীল সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত সভাপতি শৈলেন্দ্ৰ দাসে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সুকীয়া স্থান নিৰ্ধাৰণ কৰিবলৈ সন্থাই চৰকাৰক অাহ্বান জনায়। দল-সংগঠনসমূহে নিজৰ দাবী উত্থাপন কৰিবলৈ কৰা প্ৰতিবাদৰ নামত জনসাধাৰনক পণবন্দী কৰি ৰখাৰ কোনো যুক্তি নাই বুলিও কয় শৈলেন্দ্ৰ দাসে।
প্ৰতিবাদৰ সময়ত হোৱা তীব্ৰ যান-জঁটৰ ফলত বিভিন্ন সময়ত ৰোগীকে অাদি কৰি সাধাৰণ ৰাইজ অাৱদ্ধ হৈ পৰিবলগীয়া হয়। যাৰ ফলত বহু লোক জৰুৰী কামৰ পৰা বঞ্চিত হয়। তসত্বেও অাজি পৰ্যন্ত বুদ্ধিজীৱি তথা সমাজৰ শুভচিন্তকসকল কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে শৈলেন্দ্ৰ দাসে।
মহানগৰীত ক্ৰমান্বয়ে যান-জঁট বৃদ্ধি হৈ অহাৰ সময়তে প্ৰতিটো প্ৰতিবাদী কাৰ্যসূচীক ভূতৰ ওপৰত দানহ সদৃশ আখ্যা দি ইয়াৰ বাবে বছৰৰ পিছত বছৰ ধৰি সাধাৰণ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি কয়। এনে পৰিস্থিতিৰ বাবে দিল্লীৰ যন্তৰ-মন্তৰৰ দৰে গুৱাহাটীতো সুকীয়া প্ৰতিবাদস্থলী নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনাই উকীল সন্থাই।
ইয়াৰোপৰি অ’লা-উৱেৰৰ চালকসকলক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰে উকীল সন্থাই। চালকৰ অসাৱধানতা অাৰু তীব্ৰ গতিত গাড়ী চলোৱাৰ বাবে ইতিমধ্যে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি উকীল সন্থাই অভিযোগ কৰে। অ’লা-উৱেৰৰ চালকসকলক নিয়ন্ত্ৰণ কৰিবলৈ উপযু্ক্ত প্ৰশিক্ষণ প্ৰাপ্ত চালকক নিয়োগ কৰিবলৈকো সংস্থা দুটাৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায় গুৱাহাটী উকীল সন্থাই৷
ইফালে এনে এটি স্পৰ্শকাতৰ দাবী উত্থাপন কৰাৰ পিছতে বহু লোকে উকীল সন্থালৈ সমৰ্থন আগবঢ়োৱা দেখা গৈছে। ছ'চিয়েল মিডিয়াতো দীঘলীপুখুৰীৰ পৰিৱৰ্তে প্ৰতিবাদৰ বাবে অন্য স্থান নিৰ্ধাৰণ কৰিবলৈ বহু লোকে দাবী উত্থাপন কৰিছে। দীঘলীপুখুৰীত সকলোধৰণৰ প্ৰতিবাদ বন্ধ হ'লে গুৱাহাটী মহানগৰীৰ প্ৰতিটো কাম-কাজ গড় হিচাপত পূৰ্বতকৈ এক মিনিটকৈ হ'লেও আগবাঢ়িব বুলিও মন্তব্য কৰিছে বহুতে।
উকীল সন্থাৰ দাবী মানি পৰিৱৰ্তনকামী চৰকাৰখনক শীঘ্ৰে দীঘলীপুখুৰী পাৰত প্ৰতিবাদ বন্ধ কৰি ইয়াৰ বাবে অন্যস্থান নিৰ্ধাৰণ কৰিবলৈ বহুতে আহ্বান জনোৱা দেখা গৈছে। এতিয়া যদিহে অনাগত দিনত চৰকাৰে উকীল সন্থাৰ দাবী মানি লৈ প্ৰতিবাদৰ বাবে অন্যস্থান নিৰ্ধাৰণ কৰে তেন্তে সলনি হৈ পৰিব দীঘলীপুখৰী পাৰৰ প্ৰতিবাদৰ ইতিহাস। সততে উত্তাল হৈ থকা দীঘলীপুখুৰীয়ে মাত হেৰুৱাই হৈ পৰিব মৌন।