ডিজিটেল ডেস্কঃ জাকিয়া জাফ্ৰিৰ আবেদন নাকচ কৰিলে গুজৰাট উচ্চ ন্যায়লয়ে৷ গুজৰাটৰ গোষ্ঠী সংঘৰ্ষৰ পুনৰ তদন্তৰ দাবী জনাই কৰা আবেদন গুজৰাট উচ্চ ন্যায়লয়ে খাৰিজ কৰে৷ ২০০২ চনৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পুনৰ তদন্তৰ দাবী জনায় সমাজকৰ্মী জাকিয়া জাফ্ৰিয়ে৷
জাফ্ৰিৰ আবেদন খাৰিজ কৰি নৰেন্দ্ৰ মোডীক সকাহ দিয়ে ন্যায়লয়ে৷ প্ৰাক্তন সাংসদ এহচান জাফ্ৰিৰ পত্নী জাকিয়াৰ পৰিয়ালৰ লোকে এই সংঘৰ্ষত মৃত্যুবৰণ কৰিছিল৷ নৰেন্দ্ৰ মোডীৰ লগতে এই সংঘৰ্ষত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল জাকিয়াই৷ উচ্চতম ন্যায়লয়ৰ বিশেষ তদন্তকাৰী দলে মোডীক ক্লিনচিট দিছিল৷
তাৰ পিছতে নিম্ন আদালতত দ্বাৰস্থ হয় জাকিয়া৷ নিম্ন আদালতত মোডী দোষমুক্ত হয়৷ পুনৰ জাকিয়াই নিম্ন আদালতৰ ৰায়ক চেলেঞ্চ কৰে উচ্চ ন্যায়লয়ত৷ গুজৰাট উচ্চ ন্যায়লয়ে এই আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে৷