NDTV
NDTV

ডিজিটেল ডেস্কঃ দিনে দিনে নতুন নতুন ৰহস্য ফাদিল হবলৈ ধৰিছে বলাৎকাৰী বাবা ৰাম ৰহিমৰ চৰিত্ৰৰ। এইবাৰ আৰোপ লগাইছে অভিনেত্ৰী তথা মডেল মৰীণা কূঁৱৰে। মৰীণাই আৰোপ কৰা অনুসৰি ৰাম ৰহিমে তেওঁক চিনেমাৰ অফাৰ দিম বুলি কৈ প্ৰায়ে ঘৰলৈ মাতিছিল, পুত্ৰী বুলি সম্বোধি সন্মান লাঘৱ কৰাৰহে কাম কৰিছিল।

যেতিয়াই ভৰি চুই সেৱা জনাইছিল তেতিয়া বাউসীত ধৰি উঠাই পুত্ৰীয়ে ভৰি চুৱ নাপায় বুলি জোৰেৰে সাৱটি হে ধৰিছিল যৌন আসক্ত ৰাম ৰহিমে। ইমানেই নহয় কথা কোৱাৰ মাজতে আশীৰ্বাদৰ চলেৰে সম্পূৰ্ণ শৰীৰতে হাতো বুলাইছিল। আৰু বাবাৰ শোৱনি কোঠালৈ মাতি নি পইচা বা তেনে কোনো বস্তুৰে চিন্তা কৰিবলৈ মানা কৰিছিল।

মডেল মৰীণাই ইয়াকো কৈছে যে বাবাক সাক্ষাতৰ কাৰণে তাই যিকেইদিনেই গৈছে সদায় নিচাগ্ৰস্ত অৱস্থাত পাইছে। কোকেইনৰ দৰে ড্ৰাগছৰ আসক্ত আছিল বুলি উল্লেখ কৰিছে মডেল গৰাকীয়ে। 
মৰীণা আৰু তেওঁৰ বন্ধুৱে এতিয়াহে এই সমগ্ৰ কথা ফাদিল কৰিছে কিয়নো বন্দীত্বৰ জীৱন কটাই থকা ৰাম ৰহিম আৰু হানীপ্ৰীত বৰ্তমানে ক্ষমতাহীন।

মৰীণাই হানীপ্ৰীতৰ বিষয়েও বহুতো কথা খোলোচা কৰে। বাবা ৰহিমে মডেল মৰীণাক বেছি গুৰুত্ব দিয়াক লৈ হানীপ্ৰীতে বহুত বেয়া পাইছিল। ইয়াৰ উপৰিও মৰীণাৰ বন্ধুৱে প্ৰকাশ কৰিছে যে হানীপ্ৰীতে প্ৰায়ে তাক ফোন কৰিছিল আৰু সম্বন্ধৰ মাজত আহিবলৈ যোৰ দিছিল।