ডিজিটেল ডেস্কঃ দেশত আজিও আছে ক্ষমতাশালী লোকৰ দপদপনি। বিশেষকৈ গ্ৰাম্য অঞ্চলত একাংশ মাতব্বৰ পৰিয়ালে দেহৰ বলেৰে সকলোকে কাবু কৰি ৰাখিব বিছাৰে৷ তেওলোকে শাসকৰ ভাও লই গাঁও অঞ্চলত৷ তেনে পৰিয়াল বোৰে ভুল বুলি কলে ভুল শুদ্ধ বুলি কলে শুদ্ধ যেন হৈ পৰে৷ তেনে পৰিয়ালে দুৰ্বলসকলৰ কন্যাক যৌন নিৰ্যাতন কৰিবও নেৰে৷ যৌন নিৰ্যাতন তথা তেওলোকৰ অপকৰ্মৰ প্ৰতিবাদ কৰিলে মাৰধৰ তথা হত্যা কৰাৰ ভাবুকি দি মুখ বন্ধ কৰাৰ চেষ্টা চলাই৷

তেনেই এক ঘটনা পোহৰলৈ আহিছে পশ্চিমবংগৰ মেদিনীপুৰৰ কেচিয়াৰি অঞ্চলত৷ কিন্তু এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১৮ দিন পাৰ হৈ যোৱাৰ পিছত হে পোহৰলৈ আহে৷ মুখ খুলিবলৈ ভয় কৰিছিল যদিও অৱশেষত আৰক্ষীৰ ওচৰ চাপে ভুক্তভোগী৷ পশ্চিমবংগৰ মেদিনীপুৰৰ কেচিয়াৰি অঞ্চলত চাৰিগৰাকী কন্যা আৰু এটি পুত্ৰ সহ এটি দৰিদ্ৰ পৰিয়ালে বসবাস কৰে৷ পৰিয়ালটোৰ দুগৰাকী কন্যা পলিটেকনিকৰ ছাত্ৰী, এগৰাকী বিএড পঢ়ি থকাৰ লগতে সৰু গৰাকী নৱম শ্ৰেণীত পঢ়ি আছে৷

তেওলোকৰ পুত্ৰ বেচৰকাৰী কলেজত শিক্ষকতা কৰে৷ দৰিদ্ৰ যদিও পৰিয়ালটোৰ লৰা-ছোৱালী কেইগৰাকী শিক্ষিত৷ তেওলোকৰ কন্যাকেইগৰাকীয়ে শিক্ষা আহৰণৰ বাবে ঘৰৰ পৰা বাহিৰত থাকে যদিও পূজাৰ সময়ত ঘৰত সমবেত হয়৷ দুৰ্গা পূজাৰ সপ্তমীৰ দুপৰীয়া তেওলোকৰ ১৭ বছৰীয়া কন্যাই বাথৰুমত গা-ধুবলৈ যায়৷ আৰ্থিক অনাটনৰ বাবে তেওলোকৰ বাথৰুমটো আধৰুৱাকৈ নিৰ্মাণ কৰাৰ লগতে ওপৰৰ ফালে টিন দিয়া নাছিল৷

কিশোৰীগৰাকীয়ে গাধুই থকা অৱস্থাত কিছু নিলগত থকা এডাল গছত এজন যুৱকক প্ৰত্যক্ষ কৰে৷ গছত উঠি গাধুই থকা দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰি আছিল যুৱকজনে৷ যুৱতীয়ে বাথৰুমৰ পৰা দৌৰি ওলাই আহি পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰে৷ লগে লগে গছত উঠি থকা যুৱকজনৰ পৰিয়ালত অভিযোগ দিবলৈ যায় পৰিয়ালটোৱে৷ পৰিয়ালটোত অভিযোগ দিবলৈ যোৱাৰ সময়তে তেওলোকক বেয়াকৈ মাৰ-ধৰ কৰে৷

কেৱল মাৰধৰে নহয় দুই কিশোৰীক টানি নি কোঠাত সোমাই লৈ দৰ্জা বন্ধ কৰি আক্ৰমণ কৰাৰ লগতে যৌন নিৰ্যাতন চলাই৷ যুৱতীয়ে চিঞৰ বাখৰ কৰাত শিক্ষক বৰ ভাতৃয়ে তেওলোকক ৰক্ষা কৰিবলৈ যোৱাত ভাতৃকো ৰদেৰে প্ৰহাৰ কৰে৷ দুয়ো ভগ্নীক বহু সময় ধৰি বিবস্ত্ৰা কৰি অত্যাচাৰ কৰাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দৰিদ্ৰ পৰিয়ালটোৱে৷ দুয়ো ভগ্নীক বৰ ভাতৃয়ে ততাতৈয়াকৈ চিকিৎসালয় ভৰ্তি কৰে৷

তাৰ পিছতে পৰিয়ালটোক জ্বলাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ কিন্তু সন্মানহানিৰ ভয়ত এই ঘটনাক গোপনে ৰাখে পৰিয়ালটোৱে৷ প্ৰতিদিনে তেওলোকক প্ৰাণ নাশৰ ভাবুকি দিয়া হয়৷ ঘৰলৈ খেদি আহে মাৰিবলৈ৷ শিক্ষক বৰ ভাতৃয়ে অৱশেষত মোবাইলৰ পৰা মেচেজ কৰি ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকক অৱগত কৰে৷ এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰে৷ দৰিদ্ৰ শিক্ষিত পৰিয়ালটোক আৰক্ষীয়ে পহৰা দিয়াৰ ব্যৱস্থা কৰে৷

আৰক্ষীয়ে আমাক কিমান দিন পহৰা দিব বুলি কৈ  পৰিয়ালটোৱে আৰক্ষী আঁতৰি যোৱাৰ পিছত তেওলোকক জ্বলাই হত্যা কৰিব বুলি আশংকা ব্যক্ত কৰে৷ গাঁও খনৰ কোনো লোক তেওলোকৰ পক্ষত থিয় নিদিয়াৰ সময়তে অৰ্পণা নামৰ এগৰাকী সমাজকৰ্মী তেওলোকৰ পক্ষত থিয় দিয়ে৷

অৰ্পণাই তেওলোকৰ সৈতে চিকিৎসাললৈ গৈছিল৷ আনহাতে পৰিয়ালটোৰ পক্ষত থিয় দিয়াৰ বাবে মাতব্বৰ পৰিয়ালটোৱে অৰ্পণাকো ভাবুকি প্ৰদান কৰে৷ অৰ্পণাই কয় "মই পৰিয়লটোক সহায় কৰাৰ বাবে মোক ভাবুকি প্ৰদান কৰে৷ মোক সিহতে চাই লম বুলি কৈছে৷ মই কৈ দিছো মৰাৰ বাবে ভয় নকৰো৷ সেই দিনটোত যুৱতীৰ সৈতে যি কাণ্ড কৰিছে তাক চাব আৰু বৰ্ণনা কৰিব নোৱাৰি"৷

অৰ্পণাই আৰক্ষীৰ শলাগ লয়৷ আৰক্ষীয়ে পৰিয়ালটোক পহৰা দিয়াৰ ব্যৱস্থা কৰে৷ পশ্চিম মেদিনীপুৰ জিলাৰ আৰক্ষী অধীক্ষক ভাৰতী ঘোষে এনে ঘটনাক সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰে৷ পৰিয়ালটোৰ ঘৰ-বৰ পৰিদৰ্শনো কৰে ঘোষে৷ মহিলাক আক্ৰণণ আৰু ভাবুকি কাৰ্যৰ সৈতে জড়িত লোকক এৰি দিয়া নহ’ব বুলিও কয় ঘোষে৷