![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/3b7898c1-300a-484b-b1a8-b826946e9481.jpg?itok=gZHEr2CR)
খৈৰাবাৰীঃ ওদালগুৰি জিলাৰ অন্যতম খৈৰাবাৰী প্ৰেছ ক্লাৱৰ বিশেষ সাধাৰণ সভাখন খৈৰাবাৰী পৰিদৰ্শন বঙলাত জ্যেষ্ঠ নাগৰিক তথা খৈৰাবাৰী সাহিত্য সভাৰ উপদেষ্টা হৰেন্দ্ৰ নাথ শৰ্মা সঞ্চালনাত আজি সন্ধিয়া সম্পন্ন হয়।
প্ৰাক্তন সম্পাদক কমল ডেকাই বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰাৰ পিছতে পুৰণি সমিতি ভংগ কৰি গঠন কৰা হয় নতুন সমিতি। আগন্তুক দ্বি বাৰ্ষিক সমিতিৰ বাবে ধীৰেন মহলীয়া (নিয়মীয়া বাৰ্তা)ক সভাপতি, তিলক ৰামচিয়াৰীক (ভেৰগাঁও মহকুমা জনসংযোগ বিভাগৰ কৰ্মচাৰী) উপসভাপতি, প্ৰশান্ত কুমাৰক (অসমীয়া প্ৰতিদিন) উপসভাপতি, দ্বীপেন ডেকাক (ডি ৱাই ৩৬৫, নিউজ নেক্সট ৱান) সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়।
নতুন সমিতিত দিলীপ বৰুৱা আৰু চৌমখৌৰ বড়োক সহকাৰী সম্পাদক, তীৰ্থৰঞ্জন গোস্বামীক সাহিত্য সম্পাদক, জয়মতী ডেকাক সাংস্কৃতিক আৰু সৌৰভ বৈশ্যক ক্ৰীড়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সভাত প্ৰতিস্থাপক সম্পাদক ঋষিৰাম বড়ো আৰু টংলা প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত কুমাৰ শৰ্মাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ মফছলীয় সাংবাদিকসকলৰ সমস্যা তথা আনি বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।
সাধাৰণ সভাত অবিভক্ত দৰং জিলাৰ একমাত্ৰ জ্যেষ্ঠ মহিলা সাংবাদিক ভূমিতা চহৰীয়া (দৈনিক জনমভূমি)য়ো চমু ভাষণ আগবঢ়ায়৷ খৈৰাবাৰী আছুৰ উপদেষ্টা অপূৰ্ব কুমাৰ শৰ্মাইয়ো নৱ গঠিত সমিতিৰ কৰ্ম-কৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। সভাৰ অন্তত নতুন সমিতিক আনুষ্ঠানিকভাৱে কাৰ্যভাৰ অৰ্পণ কৰে পুৰণি সমিতিয়ে।