![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/2017_3largeimg30_Thursday_2017_214203732.jpg?itok=vjgJHI4R)
ডিজিটেল ডেস্কঃ ভাৰতীয় বজাৰত চীনত নিৰ্মিত প্লাষ্টিকৰ কণীয়ে বিগত কেইবামাহ ধৰি সৰ্বসাধাৰণৰ মনত সন্দেহৰ সৃষ্টি কৰাৰ সময়তে এই বিষয়ত থকা ভূল ধাৰণা আঁতৰাই এক প্ৰতিবেদন দাখিল কৰিছে কমিটিয়ে।
দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ তেজপুৰ, বাইহাটা চাৰিআলিতো পোৱা গৈছিল প্লাষ্টিকৰ কণী। দেশত মুকলি কৰা হৈছিল হেল্পলাইন। উল্লেখ্য যে কড়েয়াৰ পৰা প্ৰথমে প্লাষ্টিক কণীৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত চীনৰ পৰা টাৱাং হৈ প্লাষ্টিকৰ কণী অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিয়পি পৰাৰ খবৰ প্ৰকাশিত হৈছিল।
থলুৱা কণী বজাৰকে ধৰি দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত এনে সামগ্ৰীসমুহ বিয়পি পৰাৰ বাতৰিয়ে বিৰূপ প্ৰভাৱ পেলাইছিল।প্লাষ্টিকৰ কণীয়ে প্ৰচলন হোৱাৰ কথা ওলোৱাৰ পিছতে দেশীয় বজাৰত ১০ শতাংশ হ্ৰাস পাইছিল কণীৰ বিক্ৰী।
শেহতীয়াভাৱে National Egg coordination Committee - এ প্লাষ্টিক কণী সম্পৰ্কত তথ্য প্ৰকাশ কৰি দেশত কোনো ধৰণৰ প্লাষ্টিক কণী নাই বুলি তথ্য সদৰী কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসমৰ বজাৰত প্লাষ্টিক চাউল ওলোৱা বুলি নানা তথ্য প্ৰকাশিত হৈছিল। এনে প্লাষ্টিক কণী অথবা চাউল সেৱনৰ ফলত মানুহৰ শৰীৰত বৃক্ক, যকৃৎ বা হাওঁফাও আদিৰ ৰোগৰ লগতে শাৰীৰিক অৱনতি ঘটিব পাৰে বুলি বাতৰি প্ৰচাৰ হৈছিল।