![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ecb1f392-1445-43b7-8a2b-7769c0db6b76.jpg?itok=YtKE4pe8)
গুৱাহাটীঃ অহা ২৫ মে’ত মুকলি হ’ব ধলা-শদিয়া দলং৷ ৯.৪ কি.মি. দৈৰ্ঘ্যৰ দলংখন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াকে লৈ চলিছে বিশেষ প্ৰস্তুতি৷ ৰাজ্য তথা কেন্দ্ৰীয় পৰ্যায়ৰ বিভিন্ন দপ্তৰক ডেডলাইনসহ দিয়া হৈছে বিশেষ এছাইনমেণ্ট৷ এই সন্দৰ্ভত নিৰ্মাণৰ সৈতে জড়িত হৈ থকা সংস্থাটোৰ লগতে স্থানীয় প্ৰশাসন আৰু অভিযন্তাৰ সৈতে এক বৈঠকত মিলিত হয় গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
মন্ত্ৰীগৰাকীয়ে ঢলা-শদিয়াত উপস্থিত হৈ দলংখনো পৰিদৰ্শন কৰে। দলং পৰিদৰ্শনৰ লগতে বৈঠকত ভাগ লৈ নিৰ্মাণৰ সৈতে জড়িত নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ মুখ্য প্ৰকল্প বিষয়া, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ প্ৰতিনিধিসকলৰ পৰা দলং নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে।
বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ সহ কাৰ্যবাহী অভিযন্তা শচীন কুমাৰ গৌতমে জনায় যে, অনুষ্ঠানৰ স্থান নিৰ্বাচনৰ সময়ত বিগত ১০ বছৰৰ তথ্য চালি-জাৰি চোৱা হৈছিল৷ ১২ মে'ৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য অন্ত পৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দলং মুকলিৰ পিছত যান-জঁটৰ বিষয়টোতো সমানেই গুৰুত্ব দিয়া হৈছে৷ মুকলি অনুষ্ঠানৰ সকলো দায়িত্ব পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে বুলিও কুমাৰ গৌতমে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে।
আনহাতে উদ্বোধনী অনুষ্ঠানৰ বাবে অনুষ্ঠানস্থলীৰ দুয়োফালে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এটা দিশত বিশেষ ব্যক্তিসকলৰ বাবে আৰু আনটো ফালে সাধাৰণ জনতাৰ বাবে কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা৷
অনুষ্ঠানটোত পোহৰ তথা উচ্চমানৰ স্পীকাৰৰ ব্যৱস্থাও কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ বাবে দলঙৰ চাৰিওফালে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷ অনুষ্ঠানটোৰ সামগ্ৰিক ধাৰণাও এডিজিপিলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই মন্ত্ৰী শুক্লবৈদ্যক জানিবলৈ দিয়ে।
অনুষ্ঠানত ভাগ ল'বলৈ অহা সৰ্বসাধাৰণ যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আন এক পথ নিৰ্মাণ কৰি থকাৰ কথাও সদৰী কৰে নিৰ্মাণকাৰী সংস্থাটোৰ এগৰাকী শীৰ্ষ বিষয়াই৷ বিষয়াজনে জনোৱা মতে উক্ত পথৰ নিৰ্মাণ ২০ মে'ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। একেদৰে ১৫ মে'ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব হেলিপেড নিৰ্মাণৰ কাম।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰু বৰ সকলো আঁসোৱাহ ডিব্ৰুগড় জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ডিভিজন আৰু সমাজ কল্যাণ বিভাগে অনুষ্ঠানৰ পূৰ্বে নাইকিয়া কৰিব বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে।
উল্লেখ্য যে, স্বাধীনতাৰ ৭০ বছৰৰ পিছতো মূলভূমিৰ পৰা যেন পৃথক হৈ আছিল শদিয়াবাসী৷ এতিয়া ২৫ মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে দলংখন মুকলি কৰাৰ লগে লগে এক নতুন জীৱন লাভ কৰিব শদিয়াবাসীয়ে।