ৰাজনীতি নহয়! বাবা ৰামদেৱৰ সৈতে যোগ আসনত ব্যস্ত হাগ্ৰামা
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/1%20-%20Copy%20%282%29%20copy_4.jpg?itok=hCUwnWU2)
তামুলপুৰঃ আজি বিশেষ ৰূপত দেখা গল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক। কুমাৰীকাটা পতঞ্জলি আচাৰ্য কুলমত শিশু আৰু যোগ গুৰু বাবা ৰামদেৱৰ সৈতে যোগ আসনত ব্যস্ত হৈ পৰিল বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী।
তামুলপুৰৰ কুমাৰীকাটা পতঞ্জলি আচৰ্য কুলমৰ বাৰ্ষিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে দেশ ভক্তিমূলক গীত - নৃত্যৰ লগতে বাবা ৰামদেৱে ছাত্ৰ-ছাত্ৰী সকলৰ লগত অনুলোম বিলোম, কপাল ভাতি, সুৰ্য নমস্কাৰৰ লগতে পাঁচবিধ যোগ অভ্যাস কৰে।
আজিৰ এই অনুষ্ঠানতে যোৱা ১৪ ফেব্ৰুৱাৰীৰ দিনা জন্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হোৱা তামুলপুৰৰ কলাবাৰী গাঁৱৰ মনেশ্বৰ বসুমতাৰীৰ পত্নী আৰু কন্যাক ৰাজহুৱাভাৱে পতঞ্জলি কুলমৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ছহিদ গৰাকীৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীৰ লগতে দুই সহশ্ৰাধিক লোক উপস্থিত থাকে।