
কাজিৰঙাঃ কাজিৰঙাত অসুস্থ হৈ থকা ৰামধনক উদ্ধাৰ কৰিবলৈ আজি গুৱাহাটীৰ পৰা আহি উপস্থিত হয় চিকিৎসক আৰু উদ্ধাৰকাৰী দল। ১২ দিনৰ পূৰ্বে হঠাতে ঢলি পৰিছিল গুৱাহাটীৰ পৰা অনা ৰাজধন নামৰ এই হাতীটো। বিগত ১২ টা দিন মৃত্যু কাতৰ যন্ত্ৰণাত চটফটাই থকাৰ পাছতহে গা লৰে বন বিভাগৰ।
দেওবাৰে পুৱাই গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য চিকিৎসক কুশল শৰ্মা আৰু আছাম এলিফেণ্টছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ কৌশিক বৰুৱা সহ এটি উদ্ধাৰকাৰী দল আহি উপস্থিত হয়হি পাণবাৰী আদৰ্শ মিছিং গাঁৱত।
লগতে হাতীটোক উদ্ধাৰৰ বাবে এখন জেচিবি আৰু এখন ক্ৰেন অনা হয় ঘটনাস্থলীলৈ। উল্লেখ্য যে চিকিৎসকৰ দলটোৰ সৈতে লণ্ডনৰ পশু চিকিৎসা বিজ্ঞানৰ ছাত্ৰী কেৰী উপস্থিত আছিল। বৰ্তমান কাজিৰঙাৰ CWRC ত প্ৰশিক্ষণ লৈ থকা কেৰীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি ঢপলিয়াই আহি হাতীটোক চিকিৎসা প্ৰদান কৰে।
গুৱাহাটীৰ পশু চিকিৎসকৰ দলটিৰ সৈতে লগ হৈ ঘণ্টা ঘণ্টা জুৰি এই হাতীটোক চিকিৎসা চলাই গৈছে কেৰীয়ে। ইয়াৰ পাছতো সুস্থ হৈ নুঠাত এইবাৰ ব্যৱহাৰ কৰা হয় ক্ৰেণ আৰু জেচিবি। আৰম্ভ হয় এক শ্বাসৰুদ্ধকাৰী অভিযান।
বিশেষ বেল্ট আৰু ৰছী ব্যৱহাৰ কৰি হাতীটোক উদ্ধাৰৰ চেষ্টা চলাই যদিও প্ৰতিবাৰেই এই চেষ্টা বিফল হয়। বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে যদিও এই পৰ্যন্ত সফল হ'ব পৰা নাই।
উল্লেখ্য যে যি সময়ত হাতীটোৰ চিকিৎসাৰ ক্ষেত্রত বন বিভাগ গভীৰ নিদ্ৰাত আছিল সেই সময়ত বিদেশৰ এগৰাকী চিকিৎসকে এই হাতীটোৰ চিকিৎসাৰ বাবে আগবাঢ়ি অহাত অভিভূত হৈ পৰিছে স্থানীয় ৰাইজ। কেৰীয়ে বন্যপ্ৰাণীৰ প্ৰতি থকা মৰম আৰু আগ্ৰহৰ যি নিদৰ্শন দাঙি ধৰিলে তাৰ পৰা অসমবাসীয়ে এতিয়াও হাজাৰ হাজাৰ কথা শিকিবলৈ বাকী আছে বুলি বহুতে মন্তব্য কৰিছে।