02
Jul
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/download_14.jpg?itok=I3oPMqZJ)
পাঞ্জাবাৰীঃ মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অহা ৭-১৩ জুলাইলৈ সাতদিনীয়া গ্ৰীষ্মকালীন সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
বেলতলাৰ বনগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে।
কৰ্মশালাত প্ৰতিদিনে বৈদ্যুতিক আৰু ছপা মাধ্যমৰ অভিজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকিব।
কেমেৰাৰ পৰা আৰম্ভ কৰি ব্যৱহাৰিক সাংবাদিকতালৈ অন্তৰ্ভূক্ত সকলো দিশ সম্পৰ্কে কৰ্মশালাত জ্ঞান দিয়াৰ চেষ্টা কৰা হ’ব বুলি জানিবলৈ দিয়ে বশিষ্ঠ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দীপাংকৰ দাসে৷
কৰ্মশালা সম্পৰ্কত ৯৮৬৪০৫৩১৩৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বশিষ্ঠ প্ৰেছ ক্লাবৰ সম্পাদক দীপাংকৰ দাসে।