![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/saifulla1441_1488963431_749x421.jpeg?itok=PwK8Su5Q)
কানপুৰঃ লক্ষ্ণৌত মঙলবাৰে আৰক্ষীৰ ১১ ঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানত নিহত সন্ত্ৰাসবাদী চেইফুল্লাৰ আইছিছৰ সৈতে কোনোধৰণৰ পোনপটীয় যোগাযোগ নাছিল। কেৱল ইণ্টাৰনেট চাই আৰু কিতাপ পঢ়িহে কানপুৰ নিবাসী চেইফুল্লাই শিকিছিল সন্ত্ৰাসৰ আদৱ-কায়দা। এইকথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে।
আইছিছৰ দৰে কোনোধৰণৰ বাহিৰা সন্ত্ৰাসবাদী সংগঠনৰ অৰ্থসাহায্যও লোৱা নাছিল চেইফুল্লাই। ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াৰ যোগেদিহে আইছিছৰ অনুৰাগী হৈ পৰিছিল চাইফুল্লা। ইণ্টাৰনেট চাই প্ৰস্তুত কৰিছিল বোমা আৰু আইইডি। ছচিয়েল মিডিয়াৰপৰা প্ৰভাৱিত হৈ নিজকে এজন আইছিছৰ কেডাৰ হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিব বিচাৰিছিল চাইফুল্লাই।
মঙলবাৰে নিশাৰ ভাগত হোৱা অভিযানত চাইফুল্লাক জীৱন্তে কৰায়ত্ব কৰিব নোৱাৰিলেও সংঘৰ্ষস্থলীৰ পৰা বৃহৎ পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ, ম’বাইল ফোন, সোণ, বিদেশী মূদ্ৰা, লেপটপ আদি উদ্ধাৰ কৰা হৈছিল।